অসমীয়া ছবিৰ ইতিহাসত কোটিৰ ঘৰত ব্যৱসায় কৰা চতুৰ্থখন অসমীয়া ছবি হিচাপে পৰিগণিত 'ৰত্নাকৰ'

ৰত্নাকৰ

অসমীয়া ছবিৰ ইতিহাসত সগৌৰৱে উজলিছে জনপ্ৰিয় অভিনেতা যতীন বৰা পৰিচালিত আৰু অভিনীত ছবি 'ৰত্নাকৰ'।মুক্তিৰ প্ৰথম দুটা দিনত ৯০.৫লাখ টকা উপাৰ্জন কৰাৰ পিছত ৰত্নাকৰে তৃতীয় দিনটোত অতিক্ৰম কৰিলে কোটিৰ ঘৰ। উল্লেখ্য যে তৃতীয় দিনটোত ছবিখনে উপাৰ্জন কৰিলে ৫৫ লাখ টকা।সেই অনুসৰি বৰ্তমানলৈকে ৰত্নাকৰৰ ব্যৱসায় হৈছে ১.৪৬ কোটি টকাৰ।

গুৰুত্বপূৰ্ণ কথা এই যে 'মিছন চাইনা', 'ভিলেজ ৰকষ্টাৰ','কাঞ্চনজংঘা'ৰ পিছত কোটিৰ ঘৰত ব্যৱসায় কৰা ৰত্নাকৰ হৈছে চতুৰ্থখন অসমীয়া ছবি।

Your Comments