'বিচিচিআই'ৰ অধ্যক্ষৰ পদত 'প্ৰিন্স অৱ  কলকাতা' সৌৰভ গাংগুলী

Ganguly

ভাৰতীয় ক্ৰিকেট কন্ট্ৰ'ল বৰ্ডৰ নতুন অধ্যক্ষ হিচাপে সৰ্বসন্মতি ক্ৰমে নিৰ্বাচিত হোৱাটো নিশ্চিত হৈছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক 'প্ৰিন্স অৱ কলকাতা' সৌৰভ গাংগুলী।এই সন্দৰ্ভত গাংগুলীয়ে কয় যে তেওঁ এনে সময়ত 'বিচিচিআই'ৰ অধ্যক্ষৰ দায়িত্ব ল'বলৈ গৈ আছে যিসময়ত বিগত তিনি বছৰৰ পৰা বিচিচিআইৰ অৱস্থা বৰ ভাল নহয়।ইফালে,গাংগুলী বিচিচিআইৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হোৱাৰ বাবে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে।গাংগুলীয়ে অধ্যক্ষৰ কাৰ্যকাল সফলতাৰে পূৰ্ণ কৰিব বুলি বেনাৰ্জীয়ে আশা প্ৰকাশ কৰে।

Your Comments