পাকিস্তানৰ আশাত চেঁচাপানী:চীনে স্পষ্টভাৱে ক'লে-দ্বিপাক্ষিক আলোচনাৰে ভাৰত-পাকিস্তানে সমাধান কৰক কাশ্মীৰ বিষয়

Imran

চীন ভ্ৰমণৰত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ আশাত চীনৰ বিদেশ মন্ত্ৰণালয়ে চেঁচা পানী ঢালিলে।কাশ্মীৰ প্ৰসংগত পাকিস্তানৰ পক্ষ নলৈ চীনৰ বিদেশ মন্ত্ৰণালয়ৰ প্ৰবক্তাই স্পষ্টভাৱে ক'লে যে কাশ্মীৰ বিষয়টো ভাৰত আৰু পাকিস্তানে দ্বিপক্ষিক আলোচনাৰ মাধ্যমৰে সমাধান কৰাৰ দৰকাৰ।চুবুৰীয়াৰ মাজত বিবাদ সামান্য কথা।উল্লেখ্য যে চীনৰ এই বক্তব্য এনে সময়ত আহিছে যেতিয়া দেশখনৰ ৰাষ্ট্ৰপতি ছী চিনফিঙে শীঘ্ৰে ভাৰত ভ্ৰমণ কৰাটো নিশ্চিত কৰিছে।এই বক্তব্যৰ পৰা এইটো স্পষ্ট হৈছে যে ছী চিনফিঙৰ ভ্ৰমণৰ পূৰ্বে চীনে ভাৰতক অসন্তুষ্ট কৰিবলৈ খোজা নাই।

Your Comments