শত্ৰুক সাৱধান কৰি ফ্ৰান্সৰ পৰা ভাৰতে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিলে প্ৰথমখন ৰাফেল যুদ্ধ বিমান

rafel

নিউজ ডেস্ক :


শত্ৰু পক্ষৰ বুকুত কঁপনি তুলি শেহতীয়াকৈ ভাৰতৰ বায়ু সেনাত সংযোজিত হ'ল অত্যাধুনিক ৰাফেল যুঁজাৰু বিমান। মংগলবাৰে ফ্ৰান্সৰ পৰা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংয়ে আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰিলে প্ৰথমখন ৰাফেল যুঁজাৰু বিমান।দেশখনৰ ৰাজধানী পেৰিচত উপস্থিত হৈ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংয়ে অত্যাধুনিক প্ৰযুক্তিসম্পন্ন ৰাফেল যুঁজাৰু বিমানখন গ্ৰহণ কৰি প্ৰায় আধাঘন্টা সময় উৰণ সম্পন্ন কৰে।

ইফালে ভাৰতে ৰাফেল যুঁজাৰু বিমান লাভ কৰা লগে লগে শত্রু ৰাষ্ট্ৰসমূহ শংকিত  হৈ পৰিছে। কাৰণ ভাৰতক প্ৰদান কৰা ৰাফেল যুঁজাৰু বিমানত সংযোজন কৰা হৈছে অত্যাধুনিক কেইবাটাও নতুন প্ৰযুক্তি।পূৰ্বৰ ৰাফেল যুঁজাৰু বিমানত নথকা মিটিয়ৰ আৰু স্কাল্প মিছাইল সংযোগ কৰি পূৰ্বতকৈ অধিক ভয়াবহ ৰূপত নিৰ্মান কৰা হৈছে ভাৰতক প্ৰদান কৰা ৰাফেল যুঁজাৰু বিমান কেইখন।গুৰুত্বপূৰ্ণ কথা এই যে যিকোনো বতৰত আক্ৰমণ কৰিব পৰাকৈ মিটিয়ৰ এডভান্স এক্টিভ ৰেডাৰ সংলগ্ন কৰা হৈছে। একেদৰে এই মিটিয়ৰে দ্ৰুত বেগী জেটৰ পৰা আৰম্ভ কৰি সৰু সৰু বিমান সমূহৰ লগতে ক্ৰজ মিছাইলকো এবাৰতে ধংস কৰিব পৰা ক্ষমতা আছে এই ৰাফেল যুঁজাৰু বিমানত।rafel2

ইয়াৰ উপৰিও ৰাফেলত থকা আৰু কিছুমান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে-এই যুঁজাৰু বিমানখনৰ এবাৰতে প্ৰায় ৬০হাজাৰ  কিলোগ্রাম ওজন কঢ়িয়াই নিব পাৰে ক্ষমতা আছে।ঠিক একেদৰে ৩৭০০কিঃমিঃ ৰেডিয়াছত যিকোনো সময়তে আক্ৰমণ কৰিব পৰা ক্ষমতাৰেও সমৃদ্ধ এই বিমান।ইয়াৰ উপৰিও গুৰুত্বপূৰ্ণ কথা এই যে বিমানখনে ৩৬ৰ পৰা ৬০হাজাৰ ফুট উচ্চতালৈ যাব পৰা ক্ষমতা আছে। তাৰ বাবে ৰাফেলক প্ৰয়োজন মাত্ৰ ১মিনিট। যুদ্ধৰ সময়ত এবাৰ সম্পূৰ্নকৈ ইন্ধন ভৰাই লোৱাৰ পাছত ১০ঘণ্টালৈকে আকাশত উৰি শত্ৰুৰ সৈতে যুঁজিব পৰা ক্ষমতা আছে অত্যাধুনিক এই ৰাফেল যুঁজাৰু বিমানৰ।

Your Comments