এনকেফেলাইটিছত মৃত্যু হোৱা লোকৰ পৰিয়ালক ৩ লাখ কৈ টকা সাহায্যৰ দাবী

encaphi

নাং কৃষ্টিপ্ৰিয়া গগৈ

অসমত এতিয়া জাপানীজ এনকেফেলাইটিছ ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে হাই এলাৰ্ট। কোনো চিকিৎসকে তিনি মাহৰ কাৰণে কোনো ধৰণৰ ছুটী ল'ব নোৱাৰিব । কিন্তু ৰাজ্যত হাই এলাৰ্ট ঘোষণা কৰি স্বাস্থ্য বিভাগৰ মন্ত্ৰী লণ্ডনত প্ৰমোদ ভ্ৰমণত ব্যস্ত। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলত এইদৰে মন্তব্য কৰে দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে।

সংবাদমেলত তেওঁ কয়, যি সময়ত ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰিছে, সেই সময়ত ডিব্ৰুগড় মেডিকেল কলেজত এই ৰোগৰ দৰৱ নথকাৰ লগতে চিকিৎসাৰ কোনো সুবিধাই নাই। দৰাচলতে এই জাপানীজ এনছেফেলাইটিছ ৰোগত আক্ৰান্ত ৰোগীক ততাতৈয়াকৈ আই চি ইউ-ত ভৰ্তি কৰাব লাগে । কিন্তু ২০১২-১৩ চনতেই চৰকাৰে ১০ কোটি টকা মোকলাই দিয়াৰ পিছতো ডিব্ৰুগড় মেডিকেল কলেজত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ বাবে আই চি ইউ হৈ নুঠিল আৰু এই আই চি ইউ সমূহ এতিয়া মৰিশালীত পৰিণত হৈছে বুলিও তেওঁ মন্তব্য কৰে।

তেওঁ কয়, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে যি দৰৱ ৰোগীসকলক দিয়ে তাৰ সৰহভাগেই ভেজাল। এই ভেজাল দৰৱ  উভতাই পঠাবৰ বাবে ৰাজ্য চৰকাৰখনক ডেৰ বছৰৰ সময় লাগে। কিন্তু এই ডেৰ বছৰত চৰকাৰী হাস্পতালসমূহে সেই সমূহ দৰৱ ৰোগী  দি শেষ কৰি দিয়ে বুলিও তেওঁ জানিবলৈ দিয়ে। জাপানীজ এনকেফেলাইটিছ ৰোগৰ বাবে আই চি ইউ, ডক্টৰ, জি এন এম আৰু দৰৱ একোৱেই নাই। স্বাস্থ্যমন্ত্ৰী জনে মুখেৰে যিকোনো কথা কৈ দিলেই ৰোগী সমূহ বাচি নাযায় । সেয়েহে  চৰকাৰে ৰাতি ৯ বজালৈকে হাস্পতাল সমূহ খোলা ৰাখি তৎকালীন সেৱাত চিকিৎসকৰ সংখ্যা বৃদ্ধি কৰিব লাগে। আৰু গাঁৱে গাঁৱে যি সমূহ স্বাস্থকেন্দ্ৰ বা হাস্পতাল আছে তাত অভিজ্ঞ চিকিৎসকৰ লগত তিনি চাৰিজনীয়া চিকিৎসকৰ এটা এটা দল প্ৰেৰণ কৰিব লাগে বুলিও তেওঁ কয়।

লগতে তেওঁ কয় যে যিহেতু ৰাজ্যখনত জাপানীজ এনকেফেলাইটিছ ৰোগৰ বাবে হাস্পতাল সমূহত আই চি ইউ বা দৰৱ নাই সেয়েহে এই ৰোগত যিমান সংখ্যক লোকৰ  মৃত্যু হৈছে তাৰ বাবে চৰকাৰ জগৰীয়া। সেয়েহে ইয়াৰ ক্ষতি পূৰণ হিচাপে এই ৰোগত মৃত্যু হোৱা প্ৰতিজন লোকৰ পৰিয়লক চৰকাৰে ৩ লাখকৈ টকা সাহায্য দিব লাগে। এই সংবাদমেল খনৰ যোগেদি সভাপতি গৰাকীয়ে চৰকাৰক তিনিটা চৰ্ত প্ৰদান কৰে। সেই চৰ্ত তিনিটা হ'ল -(১) স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে নিজৰ বাহিৰেও ৰোগীৰ চিকিৎসাৰ বাবে হেলিকপ্টাৰ ৰাখক।(২) ৰোগীৰ চিকিৎসাৰ বাবে হাস্পতাল সমূহ ৰাতি ৯ বজা পৰ্যন্ত খোলা ৰাখিব লাগিব।(৩) এই ৰোগত মৃত্যু হোৱা প্ৰতিজন লোকৰ পৰিয়ালক ৩ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ আঁচনি প্ৰস্তুত কৰক।

Your Comments