চিৰাঙৰ গৰুভাষাত শিক্ষকৰ অভাব থকা বিদ্যালয়ৰ পৰা শিক্ষক বদলিকৰণৰ প্ৰতিবাদ

bgn

বঙাইগাঁওঃ ১৩ জুনঃ

বিদ্যালয়ত অতি শীঘ্ৰে শিক্ষক নিযুক্তিৰ দাবীত আজি চিৰাং জিলাৰ চিদলী শিক্ষা খণ্ডৰ অন্তৰ্গত গৰুভাষা হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী কোঠাৰ পাঠদান এৰি শিক্ষা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰে । উল্লেখ্য যে ষষ্ঠ  শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ অসমীয়া আৰু বড়ো উভয় মাধ্যমৰ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰা উচ্চ মাধ্যমিক বিদ্যালয়খনত ২৪৭ গৰাকী অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ৪ গৰাকী শিক্ষক আৰু বড়ো মাধ্যমৰ ৩৮৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষক আছে মাত্ৰ ৮ গৰাকী । আনহাতে বিদ্যালখনত চাৰি বছৰ ধৰি নাই বিজ্ঞান বিষয়ৰ শিক্ষক । ইপিনে এইখন বিদ্যালয়ৰ পৰা শিক্ষা বিভাগে ইতিমধ্যে এক নিৰ্দেশ যোগে অসমীয়া বিভাগত কৰ্মৰত দুগৰাকী টেট শিক্ষকক বদলিকৰণ কৰিছে । ফলত ক্ষোভিত হৈ পৰিছে অধ্যয়নৰত ছাত্ৰ - ছাত্ৰী , অভিভাৱক তথা অঞ্চলটোৰ সক্ৰিয় ছাত্ৰ সংগঠনসমুহ । বিদ্যালয়খনৰ মুখ্য দ্বাৰৰ সন্মুখত ছাত্ৰ-ছাত্ৰীয়ে গ্ৰহণ কৰা এই প্ৰতিবাদ কাৰ্যসূচীত সদৌ চাওতাল ছাত্ৰ সন্থা , নিখিল বড়ো ছাত্ৰ সন্থা ( এবছু ) আৰু সদৌ গোৰ্খা ছাত্ৰ সন্থা ( আগছু )ৰ চিৰাং জিলা সমিতিয়েও সংগ দিয়ে । প্ৰতিবাদী ছাত্ৰ -ছাত্ৰীসকলে শিক্ষা বিভাগ হায় হায় , খাম্পা বৰগয়াৰী মুৰ্দাবাদ , সিদ্ধাৰ্থ ভট্টাচাৰ্য মুৰ্দাবাদ , ছাত্ৰ-ছাত্ৰীৰ অনুপাতে আমাক শিক্ষক লাগিবই, আমাক লাগে শিক্ষাৰ অধিকাৰ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । ছাওতাল ছাত্ৰ সন্থাৰ সভাপতি ৰাজেশ টুডুৱে জিলা আৰু বিটিচি শিক্ষা বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে । ছাত্ৰ নেতাজনে কয় যে, শিক্ষা বিভাগৰ এনেধৰণৰ কাৰ্য-কলাপ যদি বন্ধ নকৰে তেন্তে শিক্ষা বিভাগৰ বিৰুদ্ধে সকলো ছাত্ৰ সংগঠন মিলি তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক হুংকাৰ দিয়ে । বদলিকৰণ কৰা শিক্ষক দুগৰাকীৰ বদলিকৰণ স্থগিত নকৰিলে বা বিদ্যালয়খনত অতি শীঘ্ৰে শিক্ষক নিযুক্তি নিদিলে অনাগত সময়ত কঠোৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ছাত্ৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত সদৰী কৰে ।

Your Comments