মালভোগ কলৰ খেতিৰে স্বাৱলম্বিতাৰ সপোন দেখিছে ভৰালটোলাৰ চাৰি যুৱকে

kal

নৰেন শৰ্মা,বাহাৰঘাট :

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ভয়াবহ নিবনুৱা সমস্যাক প্ৰত্যাহ্বান জনাই একাংশ শিক্ষিত যুৱক যুৱতীয়ে স্বনিয়োজনৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰাৰ সংগ্ৰামখনত শেহতীয়া ভাবে সংযোজিত হৈছে কামৰূপ আৰু নলবাৰী জিলাৰ সীমান্তৰ বাহাৰঘাট অঞ্চল ৷অৰ্থনৈতিকভাৱে অনগ্ৰসৰ এই অঞ্চলটোৰ কেইজনমান শিক্ষিত যুৱকৰ প্ৰচেষ্টাতে এতিয়া বাহাৰঘাটত আৰম্ভ হৈছে এক সেউজ বিপ্লৱ। অঞ্চলটোত এই বিপ্লৱৰ নেতৃত্ব দিয়া স্বাভিমানী যুৱক কেইজন হৈছে নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰগাছা (ভৰালটোলা)ৰ উৎপল ডেকা,বানেশ্বৰ বড়ো,নৃপেন বড়ো আৰু ৰবীন বড়ো৷

এই চাৰি যুৱকে সংগবদ্ধ হৈ বৰলীয়া নৈৰ পাৰত প্ৰায় বিশ বিঘাতকৈ অধিক মাটিত মালভোগ কলৰ খেতি কৰি এক কৃষি বিপ্লৱৰ সূচনা কৰিছে৷অকল মালভোগ কলে নহয় বতৰকালীন নাৰ্জি আৰু ৰজনীগন্ধা ফুলৰ খেতি কৰিও তেওঁলোক যথেষ্ট লাভবান হৈছে৷অসম চৰকাৰৰ কৃষি বিভাগৰ ওপৰত  উদাসীনতাৰ অভিযোগ থাকিলেও কেতিয়াও যেন স্বাভিমানী যুৱক কেইজনে নিজ গতি ৰুগ্ধ হ'ব দিয়া নাই। চৰকাৰৰ পৰা কোনো ধৰনৰ সহায় সাহাৰ্য অবিহনেই তেওঁলোকে চলাই গৈছে নিজৰ লগতে আনকো স্বাৱলম্বী কৰি গঢ়ি তোলাৰ এই সংগ্ৰামখন। নিশ্চিতভাবে চৰকাৰ তেওঁলোকৰ প্ৰতি সদয়  হলে খেতিৰ পৰিসৰ আৰু বৃদ্ধি কৰিবলৈ মনত আশা পুহি ৰাখিছে যুৱক কেইজনে।

দিনটো হাড় ভঙা শ্ৰম কৰি উৎপাদন কৰা কল সমূহ বিক্ৰী কৰিবলৈ এখন উপযুক্ত বজাৰৰ অভাৱে যেন বাৰুকৈয়ে জুৰুলা কৰিছে যুবক কেইজনক। ফলত এওঁলোকে উপযুক্ত মূল্য পোৱাৰ পৰা বঞ্চিত হব লগা হৈছে৷নলবাৰী আৰু কামৰূপ জিলাৰ সীমান্তত অৱস্থিত উক্ত কলৰ বাগানখন অলপতে হোৱা প্ৰচণ্ড ধুমুহাই যথেষ্ট ক্ষতি কৰিছিল৷ কিন্তু বৰ্তমান লৈকে চৰকাৰী পক্ষই  তাৰ ক্ষতি পূৰণৰো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। এনেদৰেই যথেষ্ট লোকচানৰ সন্মুখীন হৈও আজিও যেন স্থিতপ্ৰজ্ঞৰ দৰে পূৰ্বৰ উদ্যমতে নিজ কৰ্মত ব্ৰতী হৈ আছে যুৱক কেইজন৷

চৰকাৰে উক্ত যুৱক কেইজনৰ প্ৰতি গুৰুত্ব দি কলৰ বাগান খন অধিক উন্নত কৰাত অলপ সহায় কৰিলেও নিশ্চয় এওঁলোকৰ লগতে আন বহু যুৱক কৃষি কৰ্মৰ প্ৰতি উৎসাহী হৈ উঠিব। আৰু এইদৰেই হয়তো এদিন কষ্টসহিষ্ণু এনে বহু যুৱকৰ শ্ৰমেৰে অসমৰ জাতীয়পুঁজিৰ ভেটি টনকিয়াল হ'ব ।

Your Comments