মোডী মন্ত্ৰী পৰিষদে শপত লোৱাৰ পিছতেই উৰ্ধমুখী শ্বেয়াৰ বজাৰ

stock

মোডী মন্ত্ৰী পৰিষদে শপত গ্ৰহণ কৰাৰ পিছতেই শ্বেয়াৰ বজাৰৰ ব্যৱসায় ভাল হৈছে।বৃহস্পতিবাৰে মোডী মন্ত্ৰী পৰিষদে শপত গ্ৰহণ কৰাৰ পিছদিনা অৰ্থাৎ শুকুৰ বাৰে পুৱা মুম্বাই ষ্টক এক্সচেন্জৰ সূচকাংক ২৫৩.৫৫ পইণ্ট বৃদ্ধি পাই ৪০,০৮৫.৫২ হয়গৈ।


বিজেপি লোকসভা নিৰ্বাচনত বিজয়ী হোৱাৰ পিছতো শ্বেয়াৰ বজাৰ যথেষ্ট উৰ্ধমুখী হৈছিল। দ্বিতীয় এনডিএ চৰকাৰ গঠন হোৱাত বিনিয়োগকাৰীসকলৰ উৎসাহ যে বৃদ্ধি পাইছে,এয়া তাৰেই প্ৰমাণ হিচাপে চিহ্নিত হৈছে।

Your Comments