ফাগুনে আনে কি!

fagun

ৰাজকমল চাংকাকতি
ফাগুনে কি আনে!সাংবাদিক, আলোকচিত্ৰ শিল্পী নৱজ্যোতি কলিতাৰ দুখন আলোকচিত্ৰলৈ চাই মনলৈ এই ভাবেই আহিল।এখন ছবিত সৰাপাত আৰু সৰাপাত।মানুহে কয় সৰাপাত নিৰাশা আৰু সমাপ্তিৰ প্ৰতীক।কিন্তু,ফাগুনৰ সৰাপাতৰ ক্ষেত্ৰত মানি ল'ব নোৱাৰি এই কথা।আমি অসমীয়াই ফাগুনক হতাশাৰ প্ৰতীক বুলি নাভাবোঁ।ভাবোঁ বসন্তৰ দূত হিচাপে।ফাগুনত আমি ভাবোঁ-এই ভৰি থলোঁ, এই ভৰি থলোঁ বসন্তত।

fagun

যি ফাগুনত থাকে বসন্তৰ গান,যি ফাগুনত থাকে সেউজীয়াৰ সঞ্জীৱনী চিঠি-সেই ফাগুন কেনেদৰে হ'ব পাৰে হতাশাৰ প্ৰতীক! বছৰটোৰ বাবে শুভ চিন্তা কৰাৰ প্ৰেৰণা দিয়া বসন্ত যি বাটেৰে আহে,সেই ফাগুন নামৰ পথটোক সদায় স্বাগতম, স্বাগতম!
      আনখন ছবিৰ প্ৰসংগলৈ আহোঁ।ছবিখনত  'বেকগ্ৰাউণ্ড'ত 'জোন'টো।জোনটোৰ  আগত শুষ্কতা সামৰি ৰৈ আছে বৃক্ষ ডাল।এয়া ফাগুনৰ নিশাৰ শিল্প।যি শিল্পই শিকাই ফাগুনৰ নিশাক ভাল পাবলৈ।য'ত 'মূল্যবান'শুষ্কতা,সৌম্যতা, নীৰৱতা।
        নৱজ্যোতি কলিতাৰ চিন্তা সঠিক,যাৰ বাবে কেমেৰাৰ লেন্সেৰে অভিভূত হ'ব পৰাকৈ দেখুৱাব পাৰে সৰু-বৰ মুহূৰ্তৰ বাস্তৱক।সৰাপাত আৰু নিশাৰ ফাগুনৰ  উৎকৃষ্ট আলোকচিত্ৰৰ যোগেদি নৱজ্যোতিয়ে আদৰিছে   সেউজীয়াৰ ঈশ্বৰ বসন্তক-আমি নিশ্চিত। আমি নিশ্চিত এই ছবিৰ ফাগুনে বসন্ত আনিছে...

Your Comments