জখলাবন্ধাত হেল্‌থ ডি এন এৰ কেন্দ্ৰ মুকলি

জখলাবন্ধাত১হেল্‌থ১ডি১এন১এৰ১কেন্দ্ৰ১মুকলি

ৰাজ্যখনৰ অন্যতম বাণিজ্যিক মফচলীয় চহৰ জখলাবন্ধাত মঙলবাৰে হেল্‌থ ডি এন এৰ দ্বিতীয়টো কেন্দ্ৰ শুভাৰম্ভ কৰা হয়৷ উজনি আৰু নামনি অসমৰ মধ্যমস্থলত অৱস্থিত জখলাবন্ধাত মঙলবাৰে আৰম্ভ কৰা কেন্দ্ৰটোত দেশৰ অন্যতম জনপ্ৰিয় চিকিৎসা প্ৰতিষ্ঠান নাৰায়ণা ছুপাৰ স্পেচিয়েলটীয়ে অংশ লয়৷

জখলাবন্ধাত১হেল্‌থ১ডি১এন১এৰ১কেন্দ্ৰ১মুকলি

প্ৰায় শতাধিক ৰোগীয়ে অংশগ্ৰহণ কৰা এই শিবিৰত সম্পূৰ্ণ বিনামূলীয়াকৈ ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়৷ কেন্দ্ৰটো মুকলিৰ অংশস্বৰূপে কেন্দ্ৰটোৰ তত্ত্বাবধায়ক নাৰী ঐক্যমঞ্চ আৰু হেল্‌থ ডি এন এ কৰ্তৃপক্ষই এই বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰে৷ নিজৰ ঠাইতে থাকিয়ে বিশ্বৰ যিকোনো প্ৰান্তৰ চিকিৎসকৰ সেৱা লাভ কৰিব পৰাৰ ব্যৱস্থা যে এই কেন্দ্ৰৰ জৰিয়তে লাভ কৰিব সেই বিষয়ে উপস্থিত ৰাইজক অৱগত কৰায় হেল্‌থ ডি এন এৰ প্ৰজেক্ট হেড মনালিছা গগৈয়ে৷

জখলাবন্ধাত১হেল্‌থ১ডি১এন১এৰ১কেন্দ্ৰ১মুকলি

আনহাতে, এই কেন্দ্ৰত যে প্ৰায় সকলো ধৰণৰ পৰীক্ষা তুলনামূলকভাৱে কম মূল্যত আৰু কম সময়ত অৰ্থাৎ মাত্ৰ দহ মিনিটৰ ভিতৰত উপলব্ধ হয় সেই বিষয়ে জনায় জখলাবন্ধা কেন্দ্ৰৰ হেড উৎপলা বৰাই৷ উল্লেখ্য যে তেজপুৰ, বোকাখাত, নগাঁও আদি এক বৃহৎ অঞ্চলক সামৰি লোৱা এই কেন্দ্ৰত সৰ্বাধিক ৰেহাই মূল্যত সমগ্ৰ শৰীৰ পৰীক্ষাৰ ব্যৱস্থা আছে৷

জখলাবন্ধাত১হেল্‌থ১ডি১এন১এৰ১কেন্দ্ৰ১মুকলি

অনুষ্ঠানটোত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিয়ে হেল্‌থ ডি এন এ আৰু নাৰী ঐক্য মঞ্চৰ এই প্ৰচেষ্টাৰ শলাগ লয়৷
 

Your Comments