আহক,ছবি গৃহলৈ যাওঁ,'ভিলেজ ৰকষ্টাৰ্ছ'ৰ বিশ্বমুখী যাত্ৰাৰ অংশীদাৰ হ‌ওঁ !

village rockstar

ভাৰতীয় ছবি হিচাপে অস্কাৰ বঁটাৰ মনোনয়নৰ বাবে অফিচিয়েল এণ্ট্ৰী পোৱা প্ৰথমখন অসমীয়া ছবি ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰ্ছ'। দেশে-বিদেশে বহুকেইটা পুৰস্কাৰ তথা সন্মান বুটলি অনা 'ভিলেজ ৰকষ্টাৰ্ছ' অসমীয়াৰ বাবে অন্য এক গৌৰৱ। অস্কাৰৰ বাবে প্ৰথমটো ঢাপ 'ভিলেজ ৰকষ্টাৰ' আগবাঢ়িব পৰাটো অসমৰ বাবে বিৰল সন্মান। এই সন্মান কঢ়িয়াই অনা অসম কন্যা ৰীমা দাসৰ প্ৰতি অসম চৰকাৰৰ লগতে অসমৰ জনগণৰ দায়িত্ব বাঢ়িল। ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰ্ছে' যাতে অস্কাৰৰ বাবে পিচৰ কেইটা ঢাপো পাৰ হ'ব পাৰে তাৰ বাবে সকলো ব্যৱস্থা কৰি দিয়াৰ দায়িত্ব আছে অসম চৰকাৰৰ। অসমীয়া আৰু অসমৰ জনগোষ্ঠীয় ভাষাৰ ছবি যদি ভাৰতীয় ছবিৰূপে অস্কাৰ বটাৰ মনোনয়নৰ বাবে অফিচিয়েল এন্ট্ৰী লাভ কৰে, তেনে ছবিক অসম চৰকাৰে ৫  কোটি টকা দিয়াৰ কথা ঘোষণা কৰক আৰু ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰ্ছ'ৰ পৰাই এই পদক্ষেপ আৰম্ভ কৰক। চৰকাৰে চৰকাৰৰ দায়িত্ব পালন কৰক আৰু আমি অসমবাসীয়েও 'ভিলেজ ৰকষ্টাৰ্ছ' চাবলৈ ছবি গৃহলৈ গৈ আমাৰ দায়িত্ব পালন কৰো আহক !

Your Comments