
নিউজ ডেস্ক:
"থলুৱা ভূমিহীনক হাত দিলে আঙুলি ভাঙিম।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ভূমিহীন নেকি?স্কুল খুলিবলৈ মাটি দিছে যে"- এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷আজি বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ দ্বিতীয় দিনাখনো প্ৰতিবাদত উত্তাল হ'ল চ'ছলৰ ধৰ্ণাস্থলী।মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই বোন্দাজান পুতি ঘৰলৈ যাবলৈ ৰাস্তা বনাইছে।শিলসাঁকো বিলত বদৰুদ্দিন আজমল, টাটা জিনজাৰ হোটেলে ভূমি দখল কৰি আছে।তাৰ পিছতো নিৰৱতা অৱলম্বন কৰিছে চৰকাৰে কিন্তু থলুৱা ভূমিহীনক শিল সাঁকো বিল দখলৰ অভিযোগত উচ্ছেদ কৰিছে।কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদত উপস্থিত থাকি এইদৰে কয়।
আনহাতে থলুৱা ভূমিহীনক মাটিৰ পট্টা প্ৰদানৰ লগতে উচ্ছেদ বন্ধৰ দাবীত কৃষক মুক্তিয়ে ৰূপায়ণ কৰে এই প্ৰতিবাদ।
- Log in to post comments
- 10 views