৫০০শ বছৰীয়া ঐতিহাসিক কুলহাটী বাসুদেৱ দেৱালয়ৰ সভাগন্ধ:ভক্তৰ সমাগত উদূলি-মূদুলি                     

Pic

বিশেষ প্ৰতিবেদক,হাজো,২৮ জানুৱাৰী : 

তীৰ্থনগৰী হাজোৰ কুলহাটী গাঁৱৰ পাঁঁচশ বছৰীয়া ঐতিহ্যৰে মহিমামণ্ডিত বাসুদেৱ দেৱালয়ৰ মাঘী পূৰ্ণিমা সভাগন্ধ মহোৎসৱ কালিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে দেৱালয় প্ৰংগণত আৰম্ভ হৈছে ।মাঘী পূৰ্ণিমা তিথিত প্ৰতি বছৰে দুদিনীয়াকৈ সভাগন্ধ পালন কৰি আহিছে কুলহাটী গাওঁবাসীয়ে । এই সভাগন্ধত কুলহাটী গাঁৱৰ প্ৰতিটো চুবুৰীৰ প্ৰতিঘৰ মানুহৰ পদূলিয়ে পদূলিয়ে কলৰ পুলি ৰোপণ কৰি এগছি চাকি জ্বলাই ধূপ-নৈবদ্য আগবঢ়াই  ধৰ্মীয় ৰীতি নীতিৰে এখনি শুভ্ৰ নতুন বস্ত্ৰ পাৰি দি গোসাঁইৰ বিগ্ৰ্হৰ ৰথ নিবলৈ দিয়া হয় ।

Pic

জনবিশ্বাস অনুসৰি গোসাঁইৰ ৰথ পাৰ হৈ যোৱাৰ পিছত বস্ত্ৰখনি ঘৰলৈ আনি পদধূলি সিঁঁচি দিয়া হয় । এনেদৰে গোসাঁইৰ বিগ্ৰ্হ লৈ যোৱাৰ পিছত বস্ত্ৰখনি আনি  উপবাসে থকা পৰিয়ালৰ লোকে সিচি দি অপায়-অমংগল আতৰাই যোৱাৰ কামনা কৰে। সভাগন্ধত বাসুদেৱ দেৱালয়ৰ ৰথ যাত্ৰা  গাঁঁৱৰ প্ৰতিটো চুবুৰীৰ পদূলিয়ে-পদূলিয়ে  খোল ,তাল ,ঢুলীয়া,হৰিনাম ধ্বনিৰে যুৱক -পুৰুষ সকলোৱে শুভ্ৰ বগা সাজ পৰিধান কৰি উলিওৱা শোভাযাত্ৰাই গাঁৱৰ লোকৰ মাজত ঐক্য-সম্প্ৰতিৰ বান্ধোন টনকিয়াল কৰি আহিছে ।  সভাগন্ধৰ কাৰ্যসূচী অনুসৰি ২৭ জানুৱাাৰীত পুৱা ৬-৩০ বজাত বন্তি প্ৰজ্বলন কৰে কুলহাটী গাঁৱৰ ১৩ গৰাকী বয়োজেঠ্য লোকে ।  ৭বজাত ধৰ্মধ্বজা উত্তোলন কৰে কুলহাটী গাওঁ উন্নয়ন সমিতিৰ সভাপতি মনোমোহন দাসে ।  ৭-৩০ বজাত বাসুদেৱ দেৱৰ ৰথ যাত্ৰা উদ্ধোধন কৰে  যুৱ সমাজকৰ্মী  মনোজ দাসে । সন্ধিয়া বাসুদেৱ দেৱৰ ৰথ মন্দিৰত প্ৰৱেশৰ পিছত ভোগ গ্ৰহণ কৰা হয় । নিশালৈ সন্ধাতৰা ভ্ৰাম্যমাণ নাট্যদলৰ নাট্যাভিনয় অনুষ্ঠিত কৰা হয়।

Your Comments