ধাইআলি বাসগৃহলৈ গৈ পদ্মশ্ৰী ইমৰান শ্বাহলৈ সম্বৰ্ধনা ৰাজহ মন্ত্ৰী যোগেন মহনৰ

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

প্ৰথিতযশা সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহক এইবাৰ ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰাৰ বাবে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ স্বতন্ত্ৰ তথা গড়কাপ্তানী বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনে উৎসাহ আৰু আনন্দ ব্যক্ত কৰে।২৬ জানুৱাৰীত শিৱসাগৰত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ অন্তত মন্ত্ৰীগৰাকীয়ে ধাইআলিস্থিত শ্বাহৰ বাসভৱনত উপস্থিত হৈ বিশিষ্ট সাহিত্যিকগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। সাহিত্যিক ইমৰান শ্বাহক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা বিষয়টো শিৱসাগৰৰ বাবে অতিশয় গৌৰৱ আৰু আনন্দৰ বতৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰাৰ লগতে তেওঁক পদ্মশ্ৰী সন্মানেৰে বিভূষিত হোৱাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে শ্বাহৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। ৰাজহ মন্ত্ৰীগৰাকীৰ লগতে ইমৰান শ্বাহৰ ঘৰত উপস্থিত হৈ জিলা উপায়ুক্ত বিষ্ণু কমল বৰা, আৰক্ষী অধীক্ষক অমিতাভ সিনহা, জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলী, সমাজকৰ্মী ভৱেন মহন আৰু সুৰভী ৰাজকুঁৱৰী, জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউতেও বিশিষ্ট সাহিত্যিকগৰাকীক সম্বৰ্ধনা জনায়।

Your Comments