লোহাৰঘাটত আঞ্চলিক ৰাভা জাতীয় শ্বহীদ দিৱস পালন

Pic

নুৰুল ইছলাম,চানডুবিঃ

পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত লোহাৰঘাটত ২৭ জানুৱাৰীত আঞ্চলিক ৰাভা জাতীয় শ্বহীদ দিৱস পালন কৰা হয়।বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুসৰি ৰাভা জাতীয় শ্বহীদ ক্ৰমে ইশ্বৰ ৰাভা,মোহন ৰাভা আৰু জয়ন্ত ৰাভাৰ মেমবস্তিস্থিত সমাধিক্ষেত্ৰত আৰছুৰ কমলেশ্বৰ ৰাভাকে ধৰি বিষয়ববীয়াসকলে বন্তি প্ৰজ্বলন কৰে ৷

Pic

ইফালে,লোহাৰঘাটস্থিত 'আৰছু'ৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা শ্বহীদ দিৱসৰ অনুষ্ঠানত জাতীয় শ্বহীদকেইগৰাকীৰ প্ৰতিচ্ছবিত আঞ্চলিক আৰছু আৰু ৰাভা সাহিত্য সভাৰ নেতৃবৰ্গই পুস্পাঞ্জলী প্ৰদান কৰে ৷

Pic

উল্লেখ্য যে ২০১১ বৰ্ষত বৰ্ষত গোৱালপাৰা জিলাত সংঘটিত হোৱা সংঘৰ্ষত গৃহহাৰা হৈছিল বহু লোক ৷ গৃহহাৰা হৈ আশ্ৰয় শিবিৰত থকা লোকসকলক সাহায্য প্ৰদানৰ প্ৰয়াসেৰে বৃহত্তৰ বৰদুৱাৰ ভোলাগাঁও মৌজাৰ পৰাও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ নেতৃত্বত যুৱকৰ সঁজাতি দল এটা গোৱালপাৰালৈ গৈছিল ৷ কিন্তু সাহায্য প্ৰদান কৰি উভতি আহোতে কৃষ্ণাইৰ কুকুৰকাটা অঞ্চলত দুৰ্বৃত্তৰ অতৰ্কিত আক্ৰমণৰ বলি হৈছিল যুৱকৰ দলটো ৷ তাৰে ভালেকেইগৰাকীও যুৱক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ’ব লগা হোৱাৰ উপৰি চাৰিগৰাকীকৈ যুৱক নিৰুদ্দেশ হৈ পৰিছিল ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে উক্ত বৰ্ষৰে ২৬ জানুৱাৰীত ইশ্বৰ,মোহন আৰু জয়ন্ত ৰাভাৰ অৰ্ধগলিত মৃতদেহ মাটিত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ হৈছিল ৷ আনহাতে, স্মৃতিচাৰণ অনুষ্ঠানতে প্ৰাচীৰ পত্ৰিকা আৰু স্মৃতিগ্ৰন্থ এখনো উন্মোচন কৰা হয় তদুপৰি অনুষ্ঠানৰ স’তে সংগতি ৰাখি কবিতা আবৃত্তি আৰু চিত্ৰাংকন প্ৰতিযোগিতা এখনো অনুষ্ঠিত কৰা হয় ৷ অনুষ্ঠানত অশোক নংবাগ,জীৱন ৰাভা,প্ৰকাশ ৰাভাকে ধৰি ৰাভা জাতীয় সংগঠনৰ নেতা-কৰ্মীসকল উপস্থিত আছিল ৷

Your Comments