আমিনগাঁৱৰ কালীবাৰীত অসম লোকনিৰ্মাণ বিভাগৰ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সজাগতা শিবিৰ

Pic

উত্তৰ গুৱাহাটী,২৭ জানুৱাৰী:

'ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ' (১৮ জানুৱাৰী-১৭ ফেব্ৰুৱাৰী) উপলক্ষে আজি আমিনগাঁৱৰ কালীবাৰীত অসম লোকনিৰ্মাণ বিভাগৰ জালুকবাৰী-হাজো পথ সংমণ্ডল বিভাগে এটা সজাগতা শিবিৰ অনুষ্ঠিত কৰে।উক্ত শিবিৰত অংশগ্ৰহণ কৰে জালুকবাৰী-হাজো পথ সংমণ্ডল বিভাগৰ কাৰ্যবাহী অভিযন্তা মৃদুল দাস তথা বিভাগৰ অন্যান্য বিষয়াবৰ্গই।।দাসে চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ বাণী 'পথ সুৰক্ষা-জীৱন ৰক্ষা' সন্দৰ্ভত শিবিৰত উপস্থিত ৰাইজৰ আগত ব্যাখ্যা কৰে।তেওঁ ৰাইজক পথ সুৰক্ষাৰ নীতি-নিয়মসমূহ মানি চলিবলৈ আহ্বান জনায়।এনে নিৰ্দেশনাসমূহ মানি চলিলে দুৰ্ঘটনা যথেষ্ট হ্ৰাস পাব বুলি তেওঁ কয়। শিবিৰত অংশগ্ৰহণ কৰি স্থানীয় ৰাইজে পথ সুৰক্ষা সন্দৰ্ভত নীতি-নিৰ্দেশনাসমূহৰ বিষয়ে সুন্দৰভাৱে অৱগত হ'ব পাৰিব বুলি কাৰ্যবাহী অভিযন্তা দাসে উল্লেখ কৰে।শিবিৰটোত বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা শান্তনু দাস উপস্থিত থাকে।জ্যেষ্ঠ সাংবাদিক দিলীপ দাসো শিবিৰটোত উপস্থিত থাকে।শিবিৰটোত অংশগহণ কৰি পথ সুৰক্ষা বিষয়ত উপকৃত হয় স্থানীয় ৰাইজ।

Your Comments