টকাৰ বাবেই বহিঃৰাজ্যত হত্যা অসমৰ যুৱকক!

Pic

পুনৰ বহিঃৰাজ্যত হত্যা কৰা হ'ল অসমৰ এজন যুৱকক । মাঘ বিহুত ঘৰলৈ অহা অসমৰ এজন যুৱকৰ মৃতদেহ বেংগালুৰু মহানগৰীত উদ্ধাৰ হোৱা কাণ্ডক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বোকাখাটৰ আমেটঙা ২নং বালিজান গাঁৱৰ যুৱক পৱিত্ৰ পেগুক যোৱা ১১ জানুৱাৰীত হত্যা কৰা বুলি প্ৰাৰম্ভিক পৰ্যায়ত সন্দেহ কৰা হৈছে। 

প্ৰাপ্ত তথ্য মতে,বেংগালুৰুৰ 'চিকবালাৰপুৰৰ ষ্টাৰ ষ্টীল ইণ্ডাষ্ট্ৰী' নামৰ প্ৰতিষ্ঠানটোত কাম কৰা পৱিত্ৰই যোৱা ১১জানুৱাৰীৰ সন্ধিয়া ঘৰলৈ আহিবলৈ উপস্থিত হৈছিল ছেহাদ্ৰীপুৰম ৰে’ল ষ্টেচনত আৰু ষ্টেচনৰ পৰাই সন্ধিয়া ৫ বজাত ঘৰলৈ ফোন কৰি পৰিয়ালৰ লোকৰ সৈতে কথা-বতৰাও পাতিছিল। দুখীয়া পৰিয়ালৰ পুত্ৰ পৱিত্ৰই ঘৰলৈ নগদ ২০ হাজাৰ টকা আনিছিল,কিন্তু ঘৰলৈ ফোন কৰাৰ কিছু সময়ৰ পিছতে বেংগালুৰুতে কাম কৰা পবিত্ৰৰ ভাতৃক ছেহাদ্ৰীপুৰম আৰক্ষীয়ে ফ’ন কৰি পৱিত্ৰৰ মৃত্যু হোৱা বুলি জনায় । খবৰ পাই ততাতৈয়াকৈ পৱিত্ৰৰ ভাতৃয়ে থানাত উপস্থিত মৃতদেহ উদ্ধাৰ কৰে। পৱিত্ৰৰ মৃতদেহৰ সৈতে আৰক্ষীয়ে কোনোধৰণ নগদ ধন অথবা সামগ্ৰী উদ্ধাৰ নাই কৰা বুলি জনাইছে ৷ সেয়ে কোনো দুৰ্বৃত্তই ধনৰ বাবেই হত্যা কৰা বুলি প্ৰাৰম্ভিক পৰ্যায়ত আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

পৱিত্ৰৰ হত্যাৰ উচিত তদন্ত কৰি দোষীক শাস্তি দিয়াৰ লগতে মৃতদেহ ঘৰলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰাৰ বাবে বোকাখাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যুৱকজনৰ পৰিয়ালে।

Your Comments