'ষ্টাৰ্টআপ অসম'ৰ সৌজন্যত অনলাইন প্লেটফৰ্মত আলোচনাচক্ৰ সম্পন্ন

Pic

যোৱা ১৭জানুৱাৰীত 'ষ্টাৰ্টআপ অসম'ৰ সৌজন্যত বিয়লি ৪বজাৰপৰা ৬বজালৈকে "Rising startup ecosystem in the Northeast India" শীৰ্ষক এখনি আলোচনাচক্ৰ অনলাইন প্লেটফৰ্ম “Google Meet” ৰ যোগেদি অনুষ্ঠিত কৰা হৈছিল ৷

উত্তৰ-পূব ভাৰতৰ ষ্টাৰ্টআপৰ যাত্ৰা সৰু আকাৰত আৰম্ভ হৈছিল অঞ্চলটোৰ ভিন ভিন এন্টাপ্ৰেনিউৰক লৈ ৷ পংকজ গগৈয়ে আলোচনাচক্ৰৰ আৰম্ভণি কৰি বিগত বছৰবোৰত ষ্টাৰ্টআপৰ যাত্ৰা আৰু এইক্ষেত্ৰত বিভিন্ন প্ৰতিষ্ঠানৰ উদ্যোগৰ বিষয়ে বক্তব্য আগবঢ়ায় ৷ উক্ত আলোচনাচক্ৰত ষ্টাৰ্টআপ অসমৰ চিঅ’অ’ প্ৰাঞ্জল কোঁৱৰ, সম্পাদক অমিতাভ বৰুৱা, চেণ্টাৰ ফৰ ইণ্ডাষ্ট্ৰীয়েল এক্সটেনচন,আইআইইৰ মুৰব্বী শ্ৰীপৰ্ণা বৰুৱা, ষ্টাৰ্টআপ অসমৰ মেণ্টৰ সমীৰ বৰুৱা, টিআইইৰ সভাপতি ৰাজীৱ গুপ্তা, আছামিজ এণ্টাৰপ্ৰেনিউৰিয়েল ইনিচিয়েটিভৰ ফাউণ্ডাৰ অনুপম খাউণ্ড, ষ্টাৰ্টআপ অসমৰ সভাপতি পংকজ গগৈ, ষ্টাৰ্টআপ অসমৰ এক্‌জিকিউটিভ মেমবাৰ ফৰিদা চৈয়দা, Nhomesৰ ফাউণ্ডাৰ জিজ্ঞান কলিতা, নৱজ্যোতি পাটোৱাৰী, মুম্বাইৰ এণ্টাৰপ্ৰেনিউৰ স্বপ্নীল তালুকদাৰ, গুৱাহাটীৰ ফাইনেন্সিয়েল এনালিষ্ট স্বৰূপ বেৰিয়া, দিল্লীৰ প্ৰফেচনেল আইঅ’টি প্ৰতিমা শৰ্মা, দিল্লীৰ ট্ৰেভেল কোম্পানীৰ ফাউণ্ডাৰ দ্বীপক চাছান, ইম্ফল আৰু শ্বিলঙৰ এন্টাৰপ্ৰেনিউৰ ডেভিদ থাউনাউজেম সিং, vinyl cafeৰ স্বতাধিকাৰী আৰু ষ্টাৰ্টআপ অসমৰ এক্‌জেকিউটিভ মেমবাৰ ছাৰিক হুছেইন,টেক্সটাইল এন্টাপ্ৰেনিউৰ সুমিত কুমাৰ দাসৰ লগতে ভাৰতৰ বহুকেইজন গণ্য-মান্য পেছাদাৰী তথা এন্টাৰপ্ৰেনিউৰ উপস্থিত আছিল ৷

আলোচনাচক্ৰখনৰ বিষয়সূচীৰ ভিতৰত আছিল বক্তাসকলৰ চিনাকী-পৰ্ব, ষ্টাৰ্টআপ ইক’চিষ্টেমৰ সন্দৰ্ভত আলোচনা, ষ্টাৰ্টআপ ইক’চিষ্টেমৰ বাবে ৰ’ড মেপ, অংশীদাৰসকলৰ নেটৱৰ্কিং এচ’ছিয়েছন ইত্যাদি ৷

Your Comments