বামুন্দীত ডেৰশ বছৰীয়া পৰম্পৰাৰে মাঘ মহীয়া 'সভাগন্ধ' অনুষ্ঠান

Pic

হাজোৰ বিশেষ প্ৰতিবেদক,১৯ জানুৱাৰী:

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত এখন ঐতিহ্যপূৰ্ণ গাওঁ বামুন্দী।এই গাওঁখনতে আজি আৰু কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে ডেৰশ বছৰীয়া পৰম্পৰাগত উৎসৱ মাঘ মহীয়া সভাগন্ধ। জনবিশ্বাস অনুসৰি মাঘ অতি পূণ্যৰ মাহ । এই মাহতে তিল- মাহেৰে অগ্নি দেৱতাক পূজা কৰা হয় । এই বিশ্বাসৰ আধাৰতে গাঁৱৰ সমূহ ৰাইজ একগোট হৈ এই সভাগন্ধ অনুষ্ঠিত কৰে । সভাগন্ধত বিষ্ণুৰ বাবে হোমাঞ্জলি দিয়াৰ লগতে সভাত থকা আন আন ঠাইৰ লোকসকলক সিধা দিয়া প্ৰথা পূৰ্বৰে পৰাই প্ৰচলিত হৈ আছে।

Pic

বামুন্দীত প্ৰতি বছৰে মাঘ মাহৰ পাঁচ আৰু ছয় তাৰিখে সভাগন্ধ পালিত হয় । প্ৰথম দিনা অৰ্থাৎ আজিৰ দিনটোত সিধাৰ বাবে গাঁৱৰ প্ৰতিটো পৰিয়ালে নিৰ্ধাৰিত পৰিমাণৰ চাউল,খৰি,লাও,আলু আদি নিৰ্দিষ্ট কৰি থোৱা ভঁৰালত জমা দিয়ে আৰু পুৱাৰ পৰাই নিৰ্দিষ্টকৈ ৰখা বিলৰ পাৰত হাতে হাতে জাল,পল আদি লৈ মাজ মাৰিবলৈ গোট খায় । সকলো গোট খোৱাৰ পিছত ৰাইজৰ মাজৰে এজনে 'জয় গোপাল গোসাঁইক চিন্তি হৰিবোল হৰিবোল' বুলি ধ্বনি কৰাৰ লগে লগে বাকীসকলেও সমস্বৰে হৰিধ্বনি কৰে আৰু আটাইয়ে মাছ ধৰিবলৈ পানীত নামি পৰে । এক নিৰ্দিষ্ট পৰিমাণৰ মাছ ভাৰ বান্ধি ভঁৰাললৈ লৈ অনা হয় । তদুপৰি ৰাইজে সমূহীয়াভাৱে তেল,মছলা,নিমখ,তামোল-পাণ যোগাৰ কৰি ভঁৰালত জমা কৰি ৰাখে । ভঁৰাল ঘৰৰ সন্মুখৰ চোতালত ৰভা সাজি সূৰ্যাস্তৰ পিছতে নিমন্ত্ৰিত গোসাঁই-ব্ৰাহ্মণৰ চৰণ ধুৱাই নিৰ্দিষ্ট কৰি ৰখা আসনত বহুওৱা হয় । ৰভাৰ তলীত চাৰিটা কলপুলি পুতি তাত চাকি ধূপ-ধূনা জ্বলাই এখন ডাঙৰ ডলা পতা হয় । এই ডলাখন চাউলেৰে পৰিপূৰ্ণ কৰি প্ৰতিজন কৰ্মীৰে আগত নিজৰ নিজৰ দিব লগা বস্তুবোৰ ৰাখি তেওঁলোকক মালা পিন্ধোৱা হয় । ডলাৰ ওচৰত বহা চাউল দিবলগা মানুহজনক কঠধৰা বোলা হয় । ইয়াৰ পিছত গোসাঁয়ে ভঁৰাল চুই এটা মন্ত্ৰ মাতি দিয়াৰ লগে লগে সিধা দিয়া আৰম্ভ কৰা হয় আৰু নিৰ্দিষ্ট সময়ৰ পিছত তিনিবাৰ ডাক দি এই কাৰ্যৰ সামৰণি মৰা হয়।

Pic

উল্লেখযোগ্য যে পশ্চিম বংশৰ মৌজাৰ প্ৰায় পোন্ধৰ খন গাঁৱৰ লোকে এই সিধাৰ সামগ্ৰী গ্ৰহণ কৰি বামুন্দী গাঁঁৱৰে যিকোনো এঘৰত সিধা ৰান্ধি খায় ঘৰলৈ যায়। গন্ধৰ দিনা ৰাতি সভাস্থলীত মালোৱা জ্বলোৱা হয় । মালোৱা জ্বলোৱাৰ সময়ত মাটিৰ চুপি আৰু বেহী ব্যৱহাৰ কৰে।গন্ধৰ নিশা ওজাপালি(ব্যাস গোৱা ওজাপালি)ঢুলীয়া আৰু যাত্ৰাদলৰ অভিনয় আৰম্ভ হয় । সভাৰ দ্বিতীয় দিনা অৰ্থাৎ ছয় মাঘৰ দিনা দুপৰীয়া নিমন্ত্ৰিত গাঁৱৰ বয়সীয়া ভকতসকলক সিধা দিয়া হয় ।বামুন্দীৰ ৰাইজে সভাগন্ধৰ সকলোবোৰ ধৰ্মীয় কৃত্য শ্ৰীশ্ৰীগোপালেশ্বৰ গোসাঁই ঘৰত সম্পন্ন কৰে । সভাৰ দিনা বিষ্ণুৰ নামত ৰাজহুৱা হোমাদিকৃত্য সমাপন কৰি সমূহীয়াভাৱে নিৰ্মালি, প্ৰসাদ আদি গ্ৰহণ কৰে।

বামুন্দীৰ লগতে বৰহাৰদিয়া, সোৱানচাহ,লাহ,কয়াটোল,শিলগুৰী, হালোগাঁঁও,টোক্ৰাদিয়া,ক্ষেত্ৰিহাৰদিয়া আদি গাঁঁওবোৰতো বিভিন্ন তাৰিখত এই ধৰ্মীয় অনুষ্ঠানটি পালন কৰি অহা হৈছে।

Your Comments