নলবাৰীত গৃহমন্ত্ৰী অমিত শ্বাহৰ সমাৱেশস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১৯ জানুৱাৰীঃ

অহা ২৪ জানুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি ক্ষেত্ৰত এখন বিশাল "বিজয় সংকল্প সমাবেশ"ত অংশগ্ৰহণ কৰিব।এই পৰিপ্ৰেক্ষিতত ১৯ জানুৱাৰীৰ নিশা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সদলবলে নলবাৰীত উপস্থিত হৈ উক্ত সমাৱেশস্থলী পৰিদৰ্শন কৰে।লগতে সমাবেশৰ প্ৰতিটো দিশ সামৰি গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।

উক্ত আলোচনাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস,মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ দিলীপ শইকীয়া,মন্ত্ৰী কেশৱ মহন্ত,বিধায়ক অশোক শৰ্মা আৰু নাৰায়ণ ডেকা,বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা,ৰাজ্যিক বিজেপিৰ উপসভাপতি জয়ন্তমল্ল বৰুৱাৰ লগতে দলীয় বিষয়ববীয়া তথা কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উক্ত সমাবেশৰ সফল ৰূপায়ণৰ বাবে নলবাৰীবাসী ৰাইজক সকলো প্ৰকাৰৰ সহায়-সহায়োগিতা আগবঢ়াবলৈ আহ্বান জনায়।লগতে দলীয় কাৰ্যকৰ্তাসকলক এক লগ হৈ কাম কৰিবলৈ আহ্বান জনায়।

Your Comments