অসমতো বাৰ্ড ফ্লুৰ আতংক,অসম-বংগ সীমান্তৰ গোসাঁইগাঁৱত ১৭খন ব্ৰয়লাৰ কঢ়িওৱা গাড়ী জব্দ

Pic

ইতিমধ্যে দেশৰ দিল্লী,মহাৰাষ্ট্ৰসহ কেইবাখনো ৰাজ্যত আতংকৰ সৃষ্টি কৰিছে বাৰ্ড ফ্লু ভাইৰাছে।স্বাস্থ্য বিভাগৰ তৰফৰ পৰা বাৰ্ড ফ্লু প্ৰতিৰোধৰ বাবে ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ সকলো জিলাত সতৰ্কতা জাৰি কৰি দিয়া হৈছে।

অসমকে ধৰি ভাৰতৰ বহুকেইখন ৰাজ্যত ব্ৰয়লাৰ মুৰ্গী বহিঃৰাজ্যৰ পৰা আমদানি কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে যদিও এটা অসাধু চক্ৰই বহিঃৰাজ্যৰ পৰা ব্ৰয়লাৰ মুৰ্গী আমদানি বা ৰপ্তানি কৰা কাৰ্যটো অব্যাহত ৰাখিছে।যোৱা দেওবাৰে পুৱতি নিশা কোচবিহাৰৰ পৰা ১৭খন ব্ৰয়লাৰভৰ্তি ভেন অসম–বংগ সীমান্তৰ চোৰাং পথেৰে অসমত প্ৰৱেশ কৰাৰ খবৰ লাভ কৰি গোসাঁইগাঁও থানাৰ উপ–পৰিদৰ্শকক জয়ন্ত কুমাৰ দাসে অভিযান চলাই কদমগুৰি অঞ্চলত গাড়ী ১৭খন জব্দ কৰিবলৈ সক্ষম হয়।পিছত গোসাঁইগাঁও আৰক্ষীয়ে ব্ৰয়লাৰ কঢ়িওৱা গাড়ীসমূহ ৰাজ্যৰ পশুপালন বিভাগক চমজাই দিয়ে।

ইফালে,অসম–বংগ সীমান্তৱৰ্তী কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ গাঁও অঞ্চলসমূহত ঘৰুৱা হাঁহ,মুৰ্গী ৰোগত মৃত্যু হৈ আছে। তাকে লৈ গাঁও অঞ্চলৰ ৰাইজেও এতিয়া বাৰ্ড ফ্লু ভাইৰাছৰ আতংকত ভুগিছে।

Your Comments