মোডী-শ্বাহৰ অসম ভ্ৰমণত 'আছু'ৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

Pic

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়চোৱাত সদৌ অসম ছাত্ৰ সন্থাৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা।সোমবাৰে সংবাদমেল যোগে ঘোষণা কৰিলে 'আছু' নেতৃত্বই।

২২ জানুৱাৰীত ৰাজ্যজুৰি জোঁৰ সমদলৰ কাৰ্যসূচী।

২৩জানুৱাৰীত মুখত কলা কাপোৰ পিন্ধি সাব্যস্ত কৰিব প্ৰতিবাদ।

২৪ জানুৱাৰীত ক'লা পতাকা উত্তোলন আৰু নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা' দাহ কৰিব।ডিব্ৰুগড়ত ঘোষণা কৰে আছু নেতৃত্বই।

উল্লেখ যে ২৩ জানুৱাৰীত শিৱসাগৰৰ জেৰেঙা পথাৰত বিজেপিৰ বিশাল জনসভাত অংশগ্ৰহণৰ উদ্দেশ্যৰে মোডী অসমলৈ আহিব।একেদৰে ২৪ জানুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব।

ডিব্ৰুগড়ত সংবাদমেলত সভাপতি দীপাংক নাথে কয়-'নিৰ্বাচনৰ দিন আহিছে।মিছা কথাৰ বন্যা বোৱাবলৈ অসমলৈ মোডী আহিছে।' বিজেপিৰ দুয়োগৰাকী নেতাৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি তাৎক্ষণিকভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি নাথে লগতে কয়।সংবাদমেলত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা উপস্থিত থাকে।

Your Comments