২৩ জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ বিৰোধিতা,২২ জানুৱাৰীত শিৱসাগৰ জিলা বন্ধৰ আহ্বান!

Pic

প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ বিৰোধিতা কৰিছে “সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসম"-এ। ২৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণৰ বিৰোধিতা কৰি ২২ জানুৱাৰীত সংগঠনটোৱে শিৱসাগৰ জিলা বন্ধৰ আহ্বান জনাইছে। লগতে অহা ২৩ জানুৱাৰীত ক'লা দিন পালন কৰিব সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে। শিৱসাগৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত সংগঠনটোৱে মোদীক প্ৰতাৰক আখ্যা দিয়াৰ লগতে নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদীয়ে কেৱল আভুৱা ভাৰিবলৈ ঐতিহাসিক জেৰেঙা পথাৰলৈ অহাটো  সহ্য নকৰোঁঁ বুলি সংবাদ মেলত স্পষ্ট কৰি দিছে ৷

এক বিবৃতিযোগে সংগঠনটোৰ শিৱাগৰ জিলা সমিতিৰ সভাপতি বিজয়কৃষ্ণ দুৱৰা আৰু সাধাৰণ সম্পাদক ৰাজেশ দাসে কয়-"২৩ জানুৱাৰীৰ প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ জিলা ভ্ৰমণক আমি তীব্ৰ বিৰোধিতা কৰিছো। ইতিমধ্যেই অসমবাসী এই বিষয়ত অৱগত যে ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত জাতি, মাটি,ভেটিৰ সুৰক্ষাৰ শ্লোগানেৰে দিছপুৰৰ গাদী দখল কৰা মোদী ডাঙৰীয়াই অসমক বিদেশীমুক্ত কৰা, নিৱনুৱা সমস্যা সমাধান কৰা, বাংলাদেশক এক ইঞ্চি ভূমিও এৰি নিদিও বুলি কোৱা ইত্যাদি ইত্যাদি বহু মিছা প্ৰলোভনেৰে পৰিবৰ্তনৰ সপোন দেখুৱাই পৰৱৰ্তী সময়ত অসমৰ সকলো সম্পদ এপদ এপদকৈ বিক্ৰী কৰি অৱশেষত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰি তেওঁৰ নেতৃত্বতেই উক্ত বিধেয়ক আইনলৈ ৰূপান্তৰিত কৰি খিলঞ্জীয়া মানুহৰ জাতিসত্বাটোক শেষ কৰাৰ পৰিকল্পনা কৰিলে। অসমৰ ৰাইজে উক্ত আইনৰ বিৰোধিতা কৰিলে । কিন্তু সেই আইন বিৰোধী আন্দোলনৰ লগত জড়িত বহু জাতীয়তাবাদী শিবিৰৰ নেতাক বলপূৰ্বক ভাৱে কাৰাবন্দী কৰাৰ ওপৰিও ৫ জনকৈ অসমৰ সন্তানক নিৰ্দয়ভাবে ৰাজপথত গুলীয়াই হত্যা কৰিলে। তেনেস্থলত, পুনৰ '২১ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰলোভন দেখুৱাবৰ বাবেই তেনে এগৰাকী প্ৰধানমন্ত্ৰী ঐতিহাসিক জেৰেঙা পথাৰলৈ অহাটো আমি নিবিচাৰো। সেয়েহে  সংবাদমেলৰ জৰিয়তে অহা ২২ জানুৱাৰীত আমি শিৱসাগৰ জিলা সৰ্বাত্মক বন্ধ ঘোষণা কৰিলো আৰু ২৩ জানুৱাৰী তাৰিখে শিৱসাগৰত ক'লা দিন হিচাপে পালন কৰিম বুলি ঘোষনা কৰিলো।"

বন্ধৰ সময়ত সকলো দল সংগঠন তথা শিৱসাগৰীয় ৰাইজৰ সহযোগিতা কামনা কৰিছে নেতা দুজনে।

Your Comments