নলবাৰীত নতুন সাহিত্য পৰিষদৰ উদ্যোগত শিল্পী দিৱস পালন

Pic

*ঘগ্ৰাপাৰৰ বাঘমাৰাত সাংবাদিক জগত তালুকদাৰ পদূলিত শিল্পী দিৱস পালন*

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নতুন সাহিত্য পৰিষদৰ নলবাৰী জিলা সমিতি আৰু শাখাৰ সহযোগত যোৱা ১৭ ছেপ্টেম্বৰত দিনযোৰা কাৰ্যসূচীৰে শিল্পী দিৱস পালন কৰা হয়। নলবাৰী জিলা পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগতে পৰিষদৰ পতাকা উত্তোলন আৰু সুন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পঞ্জলি অৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। ইয়াৰ পিছতেই আৰম্ভ হয় চিত্ৰাংকন আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা। চিত্ৰাংকন প্ৰতিযোগিতাৰ 'ক' শাখাত প্ৰথম নিয়ৰ চৌধুৰী, দ্বিতীয় ৰাকেশ বৰ্মন, তৃতীয় সংঘমিত্ৰা বৰ্মন, চতুৰ্থ প্ৰিয়ানুষ কলিতা, পঞ্চম প্ৰবাহন কাশ্যপ আৰু নিচুকনি বঁটা লাভ কৰে ধিমান কলিতাই। কবিতা আবৃত্তি প্ৰতিযোগিতাত প্ৰথম অভিষ্ঠা শৰ্মা, দ্বিতীয় সংঘমিত্ৰা বৰ্মা, তৃতীয় অলংকৃতা গোস্বামী আৰু চতুৰ্থ পুৰস্কাৰ লাভ কৰে নিয়ৰ চৌধুৰীয়ে। দিনৰ ২ বজাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন দৰ্শন শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়। অৱসৰী শিক্ষক খগেন বৰ্মনৰ সঞ্চালনাত অনুষ্ঠিত তথা পৰিষদৰ জিলা সম্পাদিকা তৰুলতা বৈশ্যই আঁত ধৰা এই অনুষ্ঠানত আলোচক হিচাপে উপস্থিত থাকে ইলোৰা বিজ্ঞান মঞ্চৰ নলবাৰী সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰদীপ কুমাৰ শৰ্মা আৰু সৰুপেটা বি এইচ বি কলেজৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ফণীধৰ তালুকদাৰে। ইফালে পুৱাৰ ভাগতে আন এটা বিশেষ কার্যসূচীত জিলা পুথিভঁৰাল প্ৰাংগনৰ উক্ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিত বন্তি আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে মাৰোৱাৰী সন্মিলন নলবাৰী জিলা সমিতিৰ কাৰ্যকৰী সভাপতি সুনীল শৰ্মা, সম্পাদক শ্যামসুন্দৰ বাজাজ,কবি সাংবাদিক মনোজ শৰ্মাকে ধৰি বিভিন্ন লোকে।

ইফালে,ঘগ্ৰাপাৰৰ বাঘমাৰা গাঁও নিৱাসী তথা সাংবাদিক জগত তালুকদাৰৰ পদুলিত অইনবেলিৰ দৰে শিল্পী দিৱস পালন কৰা হয়।এই উপলক্ষে পুৱা শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল‍্যৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ক্ৰমে শিক্ষাবিদ তথা সাংবাদিক তপন বৈশ‍্য আৰু সাংবাদিক জগত তালুকদাৰ, আৰু অৱসৰী শিক্ষক উমেশ তালুকদাৰে।ইয়াৰ পিছতে উক্ত অনুষ্ঠানত ভালেকেইগৰাকী উদীয়মান শিল্পীয়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কেইবাটাও কালজয়ী গীত পৰিৱেশন পৰিৱেন ৰাইজক আল্পুত কৰি তোলে।

Your Comments