চাফাই কৰ্মী মনীষ কুমাৰে পালে ভাৰতৰ প্ৰথম কৰ’না টিকা

Pic

শনিবাৰৰ পৰা দেশজুৰি আৰম্ভ হৈছে বিশ্বৰ ভিতৰত বৃহৎ কৰ’নাৰ টিকাকৰণৰ প্ৰক্ৰিয়া । দেশৰ প্ৰথম কৰ’নাৰ টিকা ল’বলৈ পালে দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অফ্‌ মেডিকেল ছায়েন্সৰ চাফাই কৰ্মী মনীষ কুমাৰে।

উল্লেখযোগ্য যে মনীষে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি ক’ভিড জ’নসমূহত গৈ কাম কৰিছিল কোনো ধৰণৰ সংক্ৰমণৰ নিয়ন্ত্ৰণৰ প্ৰশিক্ষণ অবিহনে। ফ্ৰণ্টলাইন যোদ্ধাৰ প্ৰকৃত উদাহৰণ মনীষ। সেয়েহে দেশৰ প্ৰথমটো টিকা দিয়া হ’ল মনীষক ৷

এইমছত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনৰ উপস্থিতিত মনীষক টিকা দিয়া হয়। লগতে টিকা ল’লে এইমছ্‌ৰ সঞ্চালক ৰণদীপ গুলেৰীয়ায়ো।

Your Comments