বিহাৰৰ যুৱকে ডকাইতি কৰিলে বেলতলাত

Pic

গুৱাহাটী মহানগৰীৰ বেলতলাত শনিবাৰে সংঘটিত হ’ল ডকাইতি কাণ্ড । পিছে বেলতলাৰ পেট্র’ল ডিপ’ত ডকাইতি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল বিহাৰৰ যুৱক দুজন। জানিবলৈ পোৱা অনুসৰি, তেল ডিপ’ৰ কাউণ্টাৰত থকা টকাৰ বেগ কাঢ়িবলৈ চেষ্টা কৰিছিল যুৱক দুজনে । উল্লেখযোগ্য যে স্থানীয় লোক আৰু ডিপ’টোত থকা কৰ্মীৰ তৎপৰতাত কৰায়ত্ত হয় ডকাইতৰ দলটোৰ এজন যুৱক ৷ ধৃত যুৱকজনৰ নাম সোণ কুমাৰ যাদৱ ৷ আনহাতে,পলাই যাবলৈ সক্ষম হোৱা যুৱকজনৰ নাম ৰাজু কুমাৰ যাদৱ । এখন বাইকত আহিছিল ডকাইতৰ দলটো। প্রায় ১৩ লাখ টকা লুট কৰাৰ চেষ্টা চলাইছিল ডকাইতৰ দলটোৱে।

Your Comments