মিকিৰ বামুণী গ্ৰান্টৰ কৃষকক উচ্ছেদৰ ষড়যন্ত্ৰ বন্ধ কৰাৰ দাবীত নগাঁৱত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন

Pic

#নগাঁঁৱৰ পৰা ৱাহিদুদ জামান:

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত মিকিৰ বামুণী গ্ৰান্টৰ কৃষকৰ মাটিৰ অধিকাৰৰ সুৰক্ষা আৰু আৰক্ষী নিৰ্যাতনৰ দাবীত মঙলবাৰে নগাঁও চহৰৰ শ্বহীদ ভৱনৰ ওচৰত জিলাখনৰ কেইবাটাও দল সংগঠনে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। নিখিল ভাৰত কৃষক সভা, অসম প্ৰদেশ কংগ্ৰেছ, চি পি আই (এম), চি পি আই, এল ডি পি, চি পি আই (এম এল), আঞ্চলিক গণ মৰ্চা, অসম সংগ্ৰামী মঞ্চকে ধৰি কেইবাটাও দল সংগঠনে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি মিকিৰ বামুণী গ্ৰান্টৰ কৃষকৰ মাটিৰ অধিকাৰৰ সুৰক্ষা আৰু আৰক্ষী নিৰ্যাতন বন্ধ কৰিবলৈ চৰকাৰক দাবী জনাই। প্ৰতিবাদকাৰী সকলে বিভিন্ন ধ্বনি দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। বিক্ষোভ কাৰ্যসূচীৰ অন্তত প্ৰতিবাদকাৰী দল সংগঠন সমূহে নগাঁও জিলাৰ উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

স্মাৰক পত্ৰ উল্লেখ কৰিছে যে জাতি মাটি ভেটি ৰক্ষা কৰাৰ কথা কোৱা অসমৰ বিজেপি চৰকাৰে কাৰ্বি আৰু আদিবাসী জনগোষ্ঠী কৃষকসকলে পুৰুষাণুক্ৰমে ২০০ বছৰো অধিক কাল ধৰি মিকিৰ গ্ৰান্টৰ ভূমিত কৃষি কাৰ্য কৰি আহিছে। যুগ যুগ ধৰি কৃষি কাৰ্য কৰি অহা এই কৃষক সকলে ১৯৮১ চনতে ৰায়তী খতিয়ান লাভ কৰিছিল। ৰায়তী আইন মতে ৩ বছৰ দখলত থাকিলে নুন্যতম মূল্য দি উক্ত মাটিৰ পট্টা পাব লাগে। কিন্তু অসমত এই আইনখন কাৰ্যকৰী হোৱা নাই। ইয়াৰ পৰিৱৰ্তে চৰকাৰে আৰক্ষী বাহিনী মেলি দি মিকিৰ বামুণী গ্ৰান্টৰ ৩০০ বিঘা মাটিৰ পৰা কৃষক সকলক উচ্ছেদ কৰি আজুৰ সৌৰ শক্তি উৎপাদন কোম্পানীক গটাই দিবলৈ লোৱা কাৰ্যক আমি তীব্ৰ বিৰোধিতা কৰিছো আৰু মিকিৰ বামুণী গ্ৰান্টৰ বে আইনী উচ্ছেদ কাৰ্য বন্ধ কৰি কৃষকৰ ভূমি সুৰক্ষিত কৰিবলৈ দাবী জনাইছো। তদুপৰি বিগত বৰ্ষৰ ২৯ ডিচেম্বৰত উক্ত কৃষক সকলৰ শস্য নষ্ট কৰা আৰক্ষীক বাধা দিবলৈ যোৱা পুৰুষ আৰক্ষীয়ে বৰ্ববৰ ভাৱে অত্যাচাৰ চলাই ১২ গৰাকীকৈ মহিলাক গুৰুতৰভাৱে আহত কৰাৰ ঘটনাৰ তদন্ত কৰি দোষী আৰক্ষীক কঠোৰ শাস্তি বিহাৰ দাবী জনোৱা হৈছে। মিকিৰ বামুণী গ্ৰান্টৰ কৃষকসকলক শীঘ্ৰে ৰাায়তী খতিয়ান প্ৰদান কৰিবলৈ দাবী জনায়। এই কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ পংকজ বৰবৰুৱা, চি পি আই (এম)ৰ ইছফাকুৰ ৰহমান চি পি আই ৰ মুনীন মহন্ত, চি পি আই (এম এল) ৰ বলীন্দ্ৰ শইকীয়া, আপৰ ৰুদ্ৰাংকুৰ হাজৰিকা, আৰ চি পি আইৰ দিলীপ ভূঞাকে ধৰি বহুকেইজন নেতাই অংশগ্ৰহণ কৰে। তদুপৰি পদাতিক নাৰী বাহিনীৰ বিদিশা বৰ্মন, আই আই টিৰ বিশেষজ্ঞ বসুন্ধৰা, চাওতাল ছাত্ৰ সন্থাৰ ৰাজেশ মাঝী, জীপাল কৃষক সংঘৰ প্ৰণৱ দলে আদিয়ে ভাষণ প্ৰদান কৰি‌ থলুৱা কৃষকক উচ্ছেদ কৰিবলৈ বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে।

নিখিল ভাৰত কৃষক সভাৰ ৰাতুল বৰাই আঁঁত ধৰা প্ৰতিবাদী কাৰ্য্যসূচীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, অসম ৰাজ্যিক কৃষক সভা, অসম ৰাজ্যিক কৃষক পঞ্চায়ত, মানৱ অধিকাৰ সংগ্ৰাম সমিতি, যৌথ সংগ্ৰামী মঞ্চ আদি বিভিন্ন সংগঠনে বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Your Comments