গুৱাহাটী বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰিলে ক'ৰ'না ভাইৰাছ নাশ কৰা কাৰ্যকৰী সঁজুলি

Pic

--ৰাজকমল চাংকাকতি--

ক'ৰ'না ভাইৰাছৰ ত্ৰাসৰ সময়তে ভাইৰাছবিধৰ বিৰুদ্ধে মোক্ষম অস্ত্ৰ উদ্ভাৱন গুৱাহাটী বিশ্ববিদ্যালয়ৰ।ক'ৰ'না ভাইৰাছক পলকতে নাশ কৰিবলৈ সক্ষম হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যা শাখাৰ উদ্ভাৱনী কোষত নিৰ্মাণ কৰি উলিওৱা 'নীলকণ্ঠ','জেপমিনি' আৰু 'টেংক-২৫৪' নামৰ তিনিবিধ সঁজুলিয়ে।৩০ ডিচেম্বৰত জিইউআইএচটিৰ ভৱনত জিইউআইএচটিৰ সঞ্চালক অধ্যাপক মানৱ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত এখন সভাত এই সঁজুলিকেইবিধ উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈয়ে।

Pic

উল্লেখ যে উল্লিখিত সঁজুলিকেইবিধ ডিএচআৰএল নামৰ ষ্টার্টআপ প্ৰতিষ্ঠানটোৰ সহযোগিতাত উদ্বোধনী অনুষ্ঠানটোত প্ৰদৰ্শন কৰা হয়।গুৰুত্বপূৰ্ণ যে নীলকণ্ঠ,জেপমিনি আৰু টেংক-২৫৪ নামৰ ৰব'টিক সঁজুলিকেইবিধে ক'ৰ'না ভাইৰাছৰ লগতে 'লেম্বডা ফাজ' নামৰ ডিএনএ ভাইৰাছটোক বিকল কৰাত সফলতা অৰ্জন কৰিছে।এই উৎপাদিত সঁজুলিকেইটাত ইউভিচি ড'জ ব্যৱহাৰ কৰি এক মিনিটত তিনি মিটাৰ দূৰত্বলৈকে জীৱাণু নাশ কৰাৰ সফলতা অৰ্জন কৰা হৈছে।নীলকণ্ঠ নামৰ স্বয়ংক্ৰিয় যন্ত্ৰটোৰ সহায়েৰে চিনেমা হল,শ্বপিং মল, কাৰ্যালয়,শিক্ষানুষ্ঠান,চিকিৎসালয়,ৰেল,বিমান আদিক বীজাণুমুক্ত কৰিব পৰা যাব।টেংক-২৫৪ ৰ জড়িয়তে ঘৰ, দোকান-পোহাৰ আদি বীজাণুমুক্ত কৰিব পৰা যাব।উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অধ্যাপক নাৰায়ণ চন্দ্ৰ তালুকদাৰ,বিশিষ্ট বিজ্ঞানী অধ্যাপক অনিল সহস্ৰবুদ্ধে,প্ৰফেছৰ পি এম খোড়কে,আমেৰিকা নিৱাসী বিজ্ঞানী বল্লভ মণি বড়া,বিজ্ঞানী ডঃ ধ্ৰুৱ জ্যোতি ভড়ালী,এছ আৰ ডি গ্রুপৰ স্বত্বাধিকাৰী অনুপম ডেকা,জ্যেষ্ঠ আই পি এছ বিষয়া দিগন্ত বড়া,অসম চৰকাৰৰ বিষয়া পমী বৰুৱা,নেডফিৰ মুখ্য সঞ্চালক বি প'ল মুক্তিয়া,অনুৰাধা চিনেপ্লেক্সৰ স্বত্বাধিকাৰী চিন্ময় শৰ্মা,গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ ঈশাংকুৰ শইকীয়া,গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিদ্যাৰ্থী-শিক্ষকবৃন্দ উপস্থিত থাকে।

Your Comments