আজি এক বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হ’ব পৃথিৱী

Astroid

দেওবাৰে ঘটিব এক বিৰল মহাজাগতিক ঘটনা। তাৰ বার্তা দিছে মহাকাশ গৱেষণা সংস্থা 'নাছা'ই ।

দেওবাৰে সেই মহাজাগতিক পৰিঘটনাৰ সাক্ষী থাকিব পৃথিবী। এক বিশাল আকাৰৰ গ্রহাণু পৃথিৱীৰ কাষ চাপিব ৷ এই গ্ৰহাণু ডুবাইৰ বুর্জ খলিফাৰ আকাৰৰ সমান। ঘণ্টাত ৯০,১২৪ কি:মি: গতিত গ্রহাণুটো পৃথিৱীৰ ওচৰেৰে পাৰ হৈ যাব বুলি জনাইছে নাছাই।

গ্ৰহাণু

গ্রহাণুটোৰ নাম দিয়া হৈছে ‘১৫৩২০১ ২০০০ WO ১০৭’। সাধাৰণতে পৃথিৱীৰ কক্ষপথত ইমান ডাঙৰ আকাৰৰ কোনো গ্রহাণু আহিলে বিপদৰ আশংকা থাকে। কিন্তু, বিজ্ঞানীসকলে জনাইছে এই গ্রহাণুৰ ফলত পৃথিৱীৰ কোনো বিপদৰ আশংকা নাই।

নাছাৰ সূত্রই দিয়া খবৰ অনুসৰি,পৃথিৱীৰপৰা ৪,৩০২,৭৭৫ কিমি দূৰেৰে পাৰ হৈ যাব গ্রহাণুটো। এই গ্ৰহাণুটোৰ আকাৰ ১২,০০০ৰপৰা ২৫,৭০০ ফুটৰ ভিতৰত। ব্যাস প্ৰায় ২,৬৯০ ফুট ।

মার্কিন যুক্তৰাষ্ট্রৰ নিউ মেক্সিক’ প্রদেশৰপৰা এই গ্রহাণুটো আৱিষ্কাৰ কৰিছে মহাকাশ বিজ্ঞানীসকলে।সেয়েহে এই গ্রহাণুটো পৃথিৱীৰ কক্ষপথৰে গ’লেও, তাক খালি চকুৰে দেখা পোৱা নাযাব বুলি নাছাৰ সূত্রই প্ৰকাশ কৰিছে।

Your Comments