লাডাখৰ পেংগং লেক এলেকাত MARCOS কমাণ্ডো মোতায়েন কৰিছে নৌসেনাই

Commando

লাডাখত চীনৰ সৈতে উত্তেজনা বৃদ্ধি পোৱাৰ মাজতেই নৌসেনাই এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি পেংগং লেক এলেকাত MARCOS কমাণ্ডো বাহিনী মোতায়েন কৰিছে ৷ ইতিপূৰ্বে উক্ত এলেকাত বায়ুসেনাই GARUD কমাণ্ডো আৰু ভাৰতীয় সেনায়ো PARA SPECIAL FORCE মোতায়েন কৰি পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ চেষ্টা চলাই আহিছে ৷ 

কেন্দ্ৰীয় চৰকাৰৰ হৈ সংবাদসংস্থা ANIয়ে দিয়া খবৰ মতে “বিগত এপ্ৰিল মাহৰপৰাই ভাৰতীয় সেনাৰে চীনা সেনাই সংঘৰ্ষত লিপ্ত হৈ পৰিস্থিতি অশান্তিজৰ্জৰ কৰি ৰাখিছে, সেয়ে উক্ত এলেকাৰ নিৰাপত্তাৰ প্ৰতি নজৰ ৰাখি তাত MARCOS কমাণ্ডো বাহিনীক মোতায়েন কৰা হৈছে”৷

Your Comments