দেশৰ কৃষক বিদ্ৰোহলৈ সমৰ্থন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

Akhil Gogoi

মোডী চৰকাৰৰ কৃষক বিৰোধী আইন বাতিলৰ দাবীত দেশজুৰি সূচনা হোৱা কৃষক বিদ্ৰোহলৈ পূৰ্ণ সমৰ্থন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা  হাজাৰ হাজাৰ কৃষকে দিল্লীৰ  ৰাজপথত কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী নীতিৰ প্ৰতিবাদত গঢ়ি তোলা গণতান্ত্ৰিক আন্দোলনক আৰক্ষী-অৰ্ধসামৰিক বাহিনী মোতায়েন কৰি শান্তিপূৰ্ণ আন্দোলনক বাধা দিবলৈ কৰা অপচেষ্টা কৰা মোডী চৰকাৰৰ হিটলাৰী আচৰণক তীব্র গৰিহণা সংগঠনটোৰ।

সংগঠনটোৰ সভাপতি ৰাজু বৰুৱা,যুটীয়া সম্পাদক ধৈৰ্য কোঁৱৰে কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী তিনিখন আইন শীঘ্ৰে বাতিল কৰাৰ দাবী জনায়।"উক্ত আইনকেইখনে চিৰজীৱনৰ বাবে কৃষকৰ অধিকাৰ লুপ্ত কৰি বৃহৎ কৰ্পৰেট গোষ্ঠীৰ দাসত পৰিণত কৰিব কৃষকক।মোডী চৰকাৰৰ দিনত দেশৰ কৃষকসকলে এক ভাল ভৱিষ্যতৰ বাবে আশাৰে বাট চাইছিল।কিন্তু বহুজাতিক কোম্পানী পদলেহনকাৰী চৰকাৰখনে কৃষকৰ মৌলিক সমস্যা আৰু মূল দাবীসমূহ সমাধান কৰাৰ পৰিৱৰ্তে কেৱল কৃষি উৎপাদিত সামগ্ৰীৰে নহয় এইবাৰ কৃষক শ্ৰেণীটোক পুঁজিপতি ওচৰত বিক্ৰী কৰিবলৈ গভীৰ ষড়যন্ত্ৰ  ৰচনা কৰিছে"-সংগঠনটোৱে কয়।

ইফালে,ৰাজ্যৰ কৃষকৰ সমস্যা শীঘ্ৰে সমাধান কৰাৰ বাবে কৃষক মুক্তিয়ে তীব্র গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ প্ৰদান কৰে।

Your Comments