ভাৰতত এছিয়াৰ ভিতৰত সকলোতকৈ বেছি উৎকোচ লোৱা হয়...

Corruption

ভ্ৰষ্টাচাৰৰ ওপৰত নজৰ ৰখা এটা সংস্থা ট্ৰেন্সপাৰেঞ্চি ইন্‌টাৰ্নেচনেলে অলপতে প্ৰকাশ কৰা এটা সমীক্ষা অনুসৰি এছিয়া মহাদেশৰ সমগ্ৰ ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰতবৰ্ষতেই লোৱা হয় সকলোতকৈ বেছি উৎকোচ ৷ বিভিন্ন ৰাজহুৱা সেৱাসমূহ সহজে উপলব্ধ হ’বলৈ ভাৰতবৰ্ষত বহুসংখ্যক লোকে ব্যক্তিগত চিনাকী বা উৎকোচৰ ব্যৱহাৰ কৰে ৷

গ্ল’বেল কৰাপচন বেৰ’মিটাৰ (GCB) ই দিয়া তথ্য অনুসৰি ৫০% লোকৰ ওপৰত চলোৱা এক জৰীপত ৩২ শতাংশ ব্যক্তিগত চিনাকীৰ ব্যৱহাৰ কৰা লোকে উত্তৰ দিয়ে যে তেনে নকৰিলে সেই সেৱাৰ পৰা বঞ্চিত হ’ব তেওঁলোক ৷

উল্লেখযোগ্য যে উক্ত তথ্য চলিত বৰ্ষৰ ১৭ জুনৰপৰা ১৭ জুলাইলৈকে ২০০০ ভাৰতীয় লোকৰ ওপৰত কৰা এক জৰীপৰ ভিত্তিত দিয়া হৈছে ৷ এই জৰীপ চলোৱা হৈছিল মুঠ ১৭ খন দেশৰ প্ৰায় ২০,০০০ লোকৰ ওপৰত ৷

এই উৎকোচ ৰাজনৈতিক নিৰ্বাচনৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰাৰ তথ্য প্ৰকাশ কৰে সংস্থাটোৱে ৷

Your Comments