বছৰৰ শেষলৈকে স্থগিত থাকিব আন্তৰ্জাতিক বিমান সেৱা

Aeroplanes

চলিত বৰ্ষত আন্তৰ্জাতিক বিমান সেৱা পুনৰ আৰম্ভ কৰাটো সম্ভৱ নহ’ব বুলি জনাইছে ডিৰেক্ট’ৰেট জেনেৰেল অফ্‌ চিভিল এভিয়েচনে ৷

ক’ৰ’না পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে বিমান কৰ্তপক্ষই ৷ আন্তৰ্জাতিক বিমান সমূহ ৩১ ডিচেম্বৰ পৰ্যন্ত বন্ধ থাকিব ৷ ভাৰতৰপৰা যাব লগা বিমানসমূহ বন্ধ থকাৰ লগতে এই সময়চোৱাত অন্য দেশৰপৰা ভাৰতলৈ আহিব লগা বিমানসমূহো বন্ধ থাকিব।

উল্লেখযোগ্য যে "বন্দে ভাৰত মিছন"ৰ অধীনত বিশেষ কেইখনমান বিমানৰ চলাচল চৰ্ত সাপেক্ষে অব্যাহত থাকিব ৷

Your Comments