'এখন দেশ,এবাৰেই নিৰ্বাচন' ভাৰতৰ প্ৰয়োজন:প্ৰধানমন্ত্ৰী মোদী

Modi

অল্‌ ইণ্ডিয়া প্ৰিজাইডিং অফিচাৰচ্‌ কন্‌ফাৰেঞ্চত বক্তব্য আগবঢ়াই বৃহস্পতিবাৰে পুনৰ দেশত কেৱল এবাৰেই নিৰ্বাচন হোৱাৰ পক্ষত কথা ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ 'এখন দেশ, এবাৰ নিৰ্বাচন' একমাত্ৰ আলোচনাৰ বিষয়ে নহয়,দেশখনৰ বাবে প্ৰয়োজন বুলি মত প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে।অতি সঘনাই ভাৰতৰ বিভিন্ন স্থানত নিৰ্বাচন হয়।এই কাৰ্যই ভাৰতবৰ্ষৰ উন্নয়নৰ কাম-কাজত অসুবিধাৰ সৃষ্টি কৰে ৷ গতিকে এই বিষয়টোত বিতংভাৱে আলোচনাৰ প্ৰয়োজন বুলি কয় তেওঁ৷

প্ৰধানমন্ত্ৰীগৰাকীৰ মত অনুসৰি এখন ভোটাৰ তালিকাই থাকিলে সেইখন ভোটাৰ তালিকাই লোকসভা,বিধানসভা আৰু আন আন নিৰ্বাচনৰ ক্ষেত্ৰতো ব্যৱহাৰ হ’ব।তেনে কৰিলে দেশৰ বহু মূল্যৱান সময় আৰু টকা দুয়োটাই বাচি যাব ৷

কিন্তু প্ৰধানমন্ত্ৰীজনে বাৰে বাৰে এই প্ৰস্তাৱ আগবঢ়োৱাৰ কাৰণ ৰাজনৈতিক লাভালাভো হ’ব পাৰে নেকি? ভাৰতবৰ্ষৰ দৰে এখন দেশত তেনে ব্যৱস্থা সম্ভৱপৰ হোৱাক লৈও যথেষ্ট প্ৰশ্ন উত্থাপন হয় এই ক্ষেত্ৰত।এক নিৰ্বাচনৰ ফল কাৰ বাবে বেছি মিঠা হ’ব ?

Your Comments