ঘগ্ৰাপাৰত দেশজোৰা সাধাৰণ ধৰ্মঘট সমৰ্থনকাৰীক আটক

Citu

*বিজেপিৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ*

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২৬ নৱেম্বৰঃ

সমগ্ৰ দেশৰ শ্ৰমিক আৰু কৃষক সংগঠনসমূহে আজি আহ্বান জনোৱা দেশজোৰা সাধাৰণ ধৰ্মঘট সফল কৰাৰ বাবে নলবাৰী জিলাৰ ঘগ্ৰাপাৰতো চিআইটিইউ( CITU )ৰ সদস্যসকলে বন্ধৰ সমৰ্থনত ওলাই আহে ৷ CITUৰ সদস্যসকলে হাতে হাতে ফ্লেগ লৈ CITU জিন্দাবাদ,মূল্যবৃদ্ধি ৰোধ কৰক,মোদী চৰকাৰৰ শ্ৰমিক বিৰোধী নীতি বন্ধ কৰক আদি শ্লোগান দি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব লওঁতেই ঘগ্ৰাপাৰ আৰক্ষীয়ে বাধা প্ৰদান কৰে।তাৰ পিছতো তেওঁলোক শান্ত নোহোৱাত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰি লৈ যায়।

Your Comments