বিজেপিৰ জ‍্যেষ্ঠ নেতা প্ৰফুল্ল তালুকদাৰৰ মৃত্যু:ঘগ্ৰাপাৰত শোক

Ghagrapar

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২৬ নৱেম্বৰঃ

নলবাৰী জিলা ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত  বাঘমাৰা গাঁও নিৱাসী তথা বিজেপিৰ জ‍্যেষ্ঠ নেতা প্ৰফুল্ল তালুকদাৰ (৭৩)ৰ আজি পুৱা ৬-৩০ মান বজাত উচ্চৰক্তচাপজনিত কাৰণত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হয়।তালুকদাৰৰ মৃত্যুত ঘগ্ৰাপাৰ অঞ্চলত শোকৰ ছাঁ পৰিছে।তালুকদাৰে সুদীৰ্ঘ ৩০ বছৰ ধৰি বিজেপিৰ সাংগঠনিক কাম-কাজত জড়িত হৈ অহাৰ উপৰিও বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ অন্তৰ্গত বাঘমাৰা গাঁৱৰ বুথ সমিতিৰ উপ-সভাপতিৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰি আছিল।তালুকদাৰৰ মৃতদেহ আজি গৃহ আহি পোৱাত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,বুথ সমিতি,গাঁও উন্নয়ন সমিতিৰ বিষয়ববীৰ লগতে ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা,কাউন্সিলাৰ মনেশ্বৰ ভৰালী,উপ -সভানেত্ৰী বিনীতা মজুমদাৰ,বাঘমাৰা গাঁৱৰ বুথ সভাপতি পুলেন কলিতা আদিয়ে শেষ শ্ৰদ্ধা নিবেদন কৰে।ইফালে তেওঁৰ মৃত্যুত বিভিন্ন দল-সংগঠনৰ লগতে সাংসদ দিলীপ শইকীয়া,নলবাৰীৰ বিধায়ক অশোক শৰ্মা, নলবাৰী জিলা বিজেপি,বড়িগোগ বনভাগ মণ্ডল সমিতি,ঘগ্ৰাপাৰ শ্ৰীশ্ৰী হৰি মন্দিৰ সমিতি,বাঘমাৰা গাঁও উন্নয়ন সমিতি আদিয়ে গভীৰ শোক প্ৰকাশ কৰে।তেওঁ মৃত্যুৰ সময়ত পত্নীসহ দুগৰাকী পুত্ৰ সন্তানক ইহ সংসাৰত এৰি থৈ  যায়‌।

Your Comments