কামৰূপৰ পছৰীয়াৰ ইমামী উদ্যোগ প্ৰতিষ্ঠানত ভয়ংকৰ অগ্নিকাণ্ড 

Fire

মৃণাল ডেকা শুৱালকুছি,২৬ নৱেম্বৰ:

কামৰূপৰ জিলাৰ পছৰীয়া দলৰ পথাৰৰ  ইমামী উদ্যোগ প্ৰতিষ্ঠানত আজি বিয়লি প্ৰায় আঢ়ৈ বজাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত উদ্যোগ প্ৰতিষ্ঠান টোৰ ব্যাপক ক্ষতি সাধন হয়। জানিব পৰা মতে, উদ্যোগ প্ৰতিষ্ঠানটোৰ ৪ নং মহলাত সংঘটিত এই  অগ্নিকাণ্ডৰ জুইৰ লেলিহান শিখাই সমগ্ৰ উদ্যোগ প্ৰতিষ্ঠানটো নিমিষতে আগুৰি ধৰে৷অগ্নিকাণ্ডৰ কাৰণ বাতৰি যুগুতোৱালৈ জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ সংযোগী কোঠাৰ পৰা বিদ্যুতৰ  চৰ্ট চাৰ্কিটৰ ফলত  সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

Fire

অগ্নিকাণ্ডৰ ফলত উদ্যােগটোৰ ৰাসয়নিক দ্ৰব্যত লগা জুইৰ লেলিহান শিখাই আগুৰি ধৰাত কচমেটিক জ’ন চেন্টাৰৰ জুইৰ ক’লা ধোৱাই উদ্যোগ প্ৰতিষ্ঠানটোত আগুৰি ধৰে।উদ্যোগটোত সংঘটিত জুইৰ ক'লা ধোঁৱাই  অঞ্চলটোৰ জনসাধাৰণক আতংকিত কৰি তোলে।উল্লেখ্য যে আজি সমগ্ৰ দেশত চলি থকা ট্ৰেড ইউনিয়নৰ সাধাৰণ ধৰ্মঘটৰ ফলত উদ্যোগ প্ৰতিষ্ঠানটোৰ নিয়মীয়া কাম-কাজ বন্ধ থকাৰ ফলত উদ্যোগ প্ৰতিষ্ঠানটোৰ অধিক ক্ষয়ক্ষতি হোৱাৰ পৰা ৰক্ষা পৰে ৷ পিছত শুৱালকুছি আৰু হাজোৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীয়ে দুঘণ্টাৰ অন্তত জুই নুমাবলৈ সক্ষম হয় ৷এই অগ্নিকাণ্ডত উদ্যোগটোৰ ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই।

Your Comments