উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কেৰেলা,বেচৰকাৰী সংস্থাক নিদিয়ে বিমানবন্দৰ

Kerela

আদানী গোষ্ঠীৰ হাতত তিৰুৱনন্তপুৰম বিমানবন্দৰ তুলি দিয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল কেৰেলা চৰকাৰ । কেন্দ্রীয় চৰকাৰৰ বিমানবন্দৰ বেচৰকাৰী সংস্থাৰ হাতত তুলি দিয়াৰ ওপৰত নিষেধাজ্ঞা আনিবলৈ এইবাৰ ন্যায়ালয়ত আবেদন কৰিছে পিনাৰাই বিজয়নৰ চৰকাৰে ।
 
ৰাজ্য চৰকাৰে সকলো দলৰ সৈতে বৈঠকত বহি কেন্দ্রৰ এই সিদ্ধান্তৰ বিৰুদ্ধে মাত মাতি যোৱাৰ সিদ্ধান্ত কৰে। যদিও ইয়াৰ আগতে কেৰেলা উচ্চ ন্যায়ালয়ে এই দাবী নাকচ কৰিছিল ।

কেৰেলা চৰকাৰৰ মন্ত্রী কাদাকম্পলি সুৰেন্দ্রনে জনাইছে,'তিৰুৱনন্তপুৰম বিমানবন্দৰ বেচৰকাৰী সংস্থাৰ হাতত তুলি দি দিনে-দূপৰে ডকাইতি চলাইছে কেন্দ্রই ’। তেওঁ লগতে কয় যে বিমানবন্দৰ বেচৰকাৰী সংস্থাৰ হাতত তুলি  দিবলৈ দিয়া নহ’ব ৷ এই বিমানবন্দৰৰ ৰক্ষণাবেক্ষণৰ বাবে ৰাজ্য চৰকাৰেও যথেষ্ট খৰচ কৰিছে, জমাও দিছে। এই বিষয়ে কেন্দ্রই অকলে এইদৰে সিদ্ধান্ত ল’ব নোৱাৰে।
 
উল্লেখযোগ্য যে যোৱা আগষ্ট মাহত জয়পুৰ,  তিৰুৱনন্তপুৰম আৰু গুৱাহাটী-এই তিনিওটা বিমানবন্দৰ বেচৰকাৰী সংস্থাৰ হাতত তুলি দিয়াৰ কথা জনাইছিল কেন্দ্রই । চৰকাৰী পক্ষই তেতিয়া জনাইছিল,বিমানবন্দৰসমূহৰ উন্নয়ন, পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ দায়িত্ব এইবাৰ পাব্লিক-প্রাইভেট পার্টনাৰ শ্বিপ(পিপিপি) মডেলত ৫০ বছৰৰ বাবে বেচৰকাৰী সংস্থাক গটোৱা হৈছে।এই তিনিটা বিমানবন্দৰ গৈছে আদানী গোষ্ঠীৰ হাতলৈ।

Your Comments