শিৱসাগৰত উপায়ুক্তৰ অধ্যক্ষতাত অসম তাই যাদুঘৰৰ উন্নয়নৰ সম্পৰ্কে সভা

Sibsagar

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত জিলাখনত অৱস্থিত অসম তাই যাদুঘৰৰ উন্নয়নৰ সন্দৰ্ভত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাপনা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ উদ্দেশ্যেৰে বুধবাৰে এখন সভা অনুষ্ঠিত কৰা হয়।

উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এই সভাত উপায়ুক্তগৰাকীয়ে তাই যাদুঘৰৰ কাম-কাজ তদাৰক কৰাৰ বাবে অতিৰিক্ত উপায়ুক্ত দীপক ভূঞাক দায়িত্ব অৰ্পণ কৰে।লগতে উপায়ুক্তগৰাকীয়ে তাই যাদুঘৰৰ উন্নয়নৰ বাবে গ্রহণ কৰিবলগীয়া প্ৰাৰম্ভিক কাম-কাজসমূহ অতি শীঘ্ৰে আৰম্ভ কৰাৰ বাবেও অতিৰিক্ত উপায়ুক্তগৰাকীক আহ্বান জনায়। 

উল্লেখযোগ্য যে।যোৱা ১৮ নৱেম্বৰত অসম চৰকাৰৰ স্বাস্থ্য, শিক্ষা, বিত্ত আদি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ জিলাত উপস্থিত হৈ শিৱসাগৰ নগৰৰ বৰপুখুৰী পাৰত অৱস্থিত তাই যাদুঘৰ পৰিদৰ্শন কৰিছিল।তাই যাদুঘৰ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে তাই যাদুঘৰক সময়োপযোগী হোৱাকৈ আধুনিকভাৱে আৰু আটকধুনীয়াকৈ সজাই-পৰাই তোলাৰ বিষয়ে ঘোষণা কৰি এলানি পদক্ষেপ গ্ৰহণ কৰাৰ বাবে জিলা প্ৰশাসনক পৰামৰ্শ দিছিল।

মন্ত্ৰীগৰাকীৰ পৰামৰ্শ অনুসৰি তাই যাদুঘৰৰ সাম্প্ৰতিক সমস্যাসমূহ সমাধানৰ বাবে বিহীত ব্যৱস্থা গ্রহণৰ বিষয়ে আজিৰ সভাত আলোচনা কৰা হয়।

সভাত তাই যাদুঘৰৰ বিদ্যুতৰ সমস্যা অতিশীঘ্ৰে সমাধানৰ লগতে যথাযথ পোহৰৰ ব্যৱস্থা কৰাৰ বাবে জিলা উপায়ুক্তগৰাকীয়ে অতিৰিক্ত উপায়ুক্ত ভূঞাক নিৰ্দেশ দিয়ে। ইয়াৰ লগতে যাদুঘৰ প্ৰাংগণৰ চাফাইকৰণ আৰু উদ্যানৰ উন্নীতকৰণৰ বাবেও তেওঁ আহ্বান জনায়। 

উপায়ুক্তগৰাকীয়ে তাই যাদুঘৰত প্ৰদৰ্শনৰ সামগ্ৰী বৃদ্ধিত গুৰুত্ব আৰোপ কৰি জিলাখনত বিভিন্ন লোকৰ ওচৰত মঁজুত আৰু সংগৃহীত হৈ থকা ঐতিহাসিক সমল তথা সামগ্ৰীসমূহৰ তালিকা প্ৰস্তুত কৰিবলৈ ৰাজহ চক্ৰ বিষয়াসকল, খণ্ড উন্নয়ন বিষয়াসকলৰ লগতে গাওঁবুঢ়াসকলক দায়িত্ব প্ৰদান কৰাৰ কথা ঘোষনা কৰে।এইসমূহ সামগ্ৰী তাই যাদুঘৰৰ বাবে আহৰণৰ বাবে এক পৰিকল্পিত ব্যৱস্থা ঘোষণা কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। 

সভাত বিত্ত মন্ত্ৰীৰ নিৰ্দেশ মৰ্মে তাই যাদুঘৰৰ উন্নীতকৰণৰ যাৱতীয় কাম-কাজসমূহ আৰম্ভ কৰাৰ উদ্দেশ্যেৰে প্ৰয়োজনীয় পুঁজি আবন্টন আৰু অনুমোদনৰ বাবে চৰকাৰৰ ওচৰত প্ৰস্তাৱ প্ৰেৰণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। 

সভাত তাই যাদুঘৰৰ কাম-কাজ তদাৰক কৰাৰ উদ্দেশ্যেৰে তাই যাদুঘৰ পৰিচালনা সমিতিৰ বৈঠক প্ৰতি তিনি মাহৰ মূৰে মূৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 

আজিৰ সভাত তাই যাদুঘৰৰ সাংস্কৃতিক উন্নয়ন বিষয়া যজ্ঞেশ্বেৰ কুমাৰ গগৈ,জিলা সাংস্কৃতিক উন্নয়ন বিষয়া অংশুমান দত্তৰ লগতে তাই যাদুঘৰৰ উপদেষ্টা সমিতিৰ সদস্যসকল উপস্থিত থাকে।

Your Comments