কোভিড সংক্ৰমণৰোধী নতুন নিৰ্দেশনা:২০০ জনতকৈ অধিক লোক অনুষ্ঠানত সমবেত হ'বলৈ নোৱাৰিব

Covid

দেশত শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগে লগে 'কোভিড-১৯'ৰ সংক্ৰমণ বৃদ্ধি পোৱাটো উদ্বেগৰ বিষয় হৈ পৰিছে।এই সময়তে কেন্দ্ৰীয় চৰকাৰে কোভিড সংক্ৰমণ ৰোধ সন্দৰ্ভত নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে।১ ডিচেম্বৰৰ পৰা ৩১ডিচেম্বৰলৈ বলৱৎ থাকিব লগীয়া এই নীতি-নিৰ্দেশনাত সামাজিক-ধৰ্মীয়-ৰাজনৈতিক সমাৱেশত ২০০ জনতকৈ অধিক লোকৰ সমাগমত বাধা আৰোপ কৰিছে।ৰাজ্য চৰকাৰে এই সংখ্যা ১০০ লৈ হ্ৰাস কৰিব পাৰে।৬৫ বছৰৰ উৰ্ধৰ লোক আৰু শিশুসকলক ঘৰতে থাকিবলৈ আহ্বান জনোৱা হৈছে।আনহাতে,কনটেইনমেন্ট জ'নত কঠোৰভাৱে বলৱৎ কৰা কোভিড প্ৰতিৰোধী নীতি-নিয়ম।অধিক সংক্ৰমণ হোৱা এলেকাত নৈশ সান্ধ্য আইন ৱলৱৎ কৰাৰ ব্যৱস্থা ৰখা হৈছে।ছবিগৃহ ৫০ শতাংশ দৰ্শকৰে চলিব পাৰিব।ছুইমিং পুলৰ ওপৰত বাধা-নিষেধ অব্যাহত আছে।সামাজিক দূৰত্বৰ নিয়ম নিয়াৰিকৈ পালন কৰাত সৰ্বাধিক গুৰুত্ব দিবলৈ কোৱা হৈছে।

Your Comments