"মোৰ প্ৰতিটো খোজত সতৰ্ক দৃষ্টি ৰাখিব।প্ৰয়োজনত জৱাবদিহী কৰিব,অসমবাসীৰ বাবে নিজকে উৎসৰ্গা কৰিছো"- লুৰীণজ্যোতি গগৈ

Lurinjyoti Gogoi

*মই অৱসৰ লোৱা নাই,জাতিৰ বাবে সংগ্রাম চলি থাকিব,পথ নতুন হ'ব-গগৈ* 

সদৌ অসম ছাত্ৰ সন্থাৰ পদত্যাগী সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে 'আছু'ত থকাৰ সময়ৰ বৰ্ণিল অধ্যায়ৰ কথা। 

সপ্তদশ দুলীয়াজান অধিৱেশনৰ সফল পৰিসমাপ্তি ঘটোৱাৰ বাবে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা,দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা,সদৌ অসম ছাত্র সন্থাৰ প্ৰতিজন কৰ্মী আৰু অভ্যৰ্থনা সমিতিক শ্ৰদ্ধাভৰা কৃতজ্ঞতা জনায় গগৈয়ে।লগতে দুলীয়াজান আৰু ডিব্ৰুগড় জিলাবাসীক কৃতজ্ঞতা জনাই গগৈয়ে।
    
ইফালে,'আছু'ৰ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰাৰ সন্দৰ্ভত গগৈয়ে কয়-"পূৰ্ব ঘোষণা কাৰ্যকৰী কৰি নতুন নেতৃত্বৰ বাবে আছুৰ মঞ্চৰপৰা অব্যাহতি লৈছো|কিন্তু অসমবাসীৰ সন্মুখত 'লুৰীণজ্যোতি গগৈ' নামৰ আপোনালোকৰ সন্তানটোক এটা পৰিচয় দিয়াৰ বাবে আছুৰ প্ৰতি থাকিব সদায় দায়বদ্ধতা আৰু শ্ৰদ্ধা।"

"মই অৱসৰ লোৱা নাই,জাতিৰ বাবে অব্যাহতথাকিব মোৰ সংগ্ৰাম।পথ নতুন হ'ব,কিন্তু 
মই জানো সেই পথ মসৃণ নহয়,কাঁইটীয়া।আপোনালোকৰ মৰম বুকুত লৈ,আশীষ শিৰত লৈ সেই কাঁইটীয়া পথেৰেই আগুৱাম।মোৰ বিবেক,হৃদয় আৰু মন-মগজুৱে সময়ৰ আহ্বানক নেওচা দিব নোৱাৰে"-গগৈয়ে কয়।

আনহাতে যোৱা ৫ বছৰে আছুৰ  মজিয়াত সৰ্বতোপ্ৰকাৰে সংগ দিয়া উপদেষ্টা ড: সমুজ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি দীপাংক কুমাৰ নাথক ধন্যবাদ আৰু কৃতজ্ঞতা জনায় ছাত্ৰ নেতাগৰাকীয়ে।


আছুৰ নৱ-নিৰ্বাচিত কেন্দ্ৰীয় সমিতিক সংগ্ৰামী শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি তেওঁ কয়-
"অসম অসমীয়াৰ হৈ ন-উদ্যমেৰে জাতি ৰক্ষাৰ স্বাৰ্থত অধিক বলিষ্ঠ ৰূপত আছু আগুৱাই যাওক।"

অসমবাসীক আহ্বান জনায় তেওঁ কয়-"অসমবাসীয়ে মোৰ প্ৰতিটো খোজতে সতৰ্ক দৃষ্টি ৰাখক।যদি
প্ৰয়োজন অনুভৱ কৰে মোক জৱাবদিহী  কৰক।মই নিজকে আপোনালোকৰ বাবে উৎসৰ্গা কৰিছো।"

গুৰুত্বপূৰ্ণ যে আছু ত্যাগী ছাত্ৰ নেতা গৰাকীয়ে অসম জাতীয় পৰিষদৰ নেতৃত্ব বহন কৰিব অহা ডিচেম্বৰ মাহৰ পৰা।

Your Comments