দ্ৰুত ক'ৰ'না সংক্ৰমণ:বহুকেইখন ৰাজ্যত পুনৰ লক্‌ডাউন

Lockdown

ক'ৰ’না পৰিস্থিতি এতিয়াও নিয়ন্ত্রণ কৰিবলৈ পৰা নাই। এই অবস্থাত দেশৰ বহু কেইখন ৰাজ্যত লক্‌ডাউনৰ অৱস্থা পুনৰ ঘুৰাই আনিব লগীয়া হৈছে । জানিব পৰা গৈছে যি সমূহ চহৰত কৰ’না পৰিস্থিতিৰ ক্রমশঃ অৱনতি ঘটিছে, তাত জাৰি কৰা হ’ব পাৰে লক্‌ডাউন ৷ 

লকডাউনৰ নিয়ম বলবৎ কৰাৰ পিছতে, নাইট কার্ফিউ, বিবাহ-শেষকৃত্য অনুষ্ঠানত ১০০ জনহে নিমন্ত্রণ কৰা, প্রয়োজনত ১৪৪ ধাৰা বলবৎ ইত্যাদি নিয়ম জাৰি হ’ব বুলি খবৰ পোৱা গৈছে ৷।

ৰাজস্থান, মধ্য প্রদেশৰ দৰে বহু কেইখন ৰাজ্য এই দিশেৰেই যাবলৈ আৰম্ভ কৰিছে।

আহমেদাবাদ: লকডাউনক লৈ কাঢ়া সিদ্ধান্ত লৈছে আহমেদাবাদ মিউনিচিপেল কর্প’ৰেচনে।এই চহৰত জাৰি কৰা হৈছে নাইট কার্ফিউ। নিশা ৯ বজাৰপৰা ৰাতিপুৱা ৬ বজা পর্যন্ত সকলো ধৰণৰ যাতায়ত নিয়ন্ত্রিত কৰা হৈছে।

মধ্যপ্রদেশ: ৰাজ্যৰ পাঁচখন চহৰত জাৰি কৰা হৈছে নাইট কার্ফিউ । ইয়াৰ ভিতৰত আছে ইন্দোৰ, ভোপাল, ৰতলাম, গোৱালিয়ৰ আৰু বিদিশা।

নয়ডা: বিয়া-সকামৰ অনুষ্ঠানত নিমন্ত্ৰণ কৰিব পাৰিব মাত্র ১০০ জন লোকক। 

ৰাজস্থান: পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজস্থানৰ ৮ খন জিলাত নাইট কার্ফিউ জাৰি কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে । ৰাজস্থানৰ জয়পুৰ, যোধপুৰ, কোটা, বিকানেৰ, উদয়পুৰ, আজমেড়, আলোৱাৰ, ভিলোৱাৰা জিলাত নাইট কার্ফিউ জাৰি কৰিছে অশোক গেহলটৰ চৰকাৰে । এই জিলাসমূহত নিশা ৮বজাৰপৰা ৰাতিপুৱা ৬বজা পর্যন্ত নাইট কার্ফিউ জাৰিৰ সিদ্ধান্ত লোৱা হৈছে।

ৰাজধানী জয়পুৰ, যোধপুৰ, কোটা, বিকানেৰ, উদয়পুৰ, আজমেড়-সহ ৮খন জিলাত কৰ’না আক্রান্তৰ সংখ্যা দ্ৰুত গতিত বাঢ়িছে। ক্রমশঃ পৰিস্থিতিয়ে বিপজ্জনক ৰূপ ধাৰণ কৰিছে । নিশা ৮ বজাৰপৰা ৰাতিপুৱা ৬ বজা পর্যন্ত এই ৮ খন জিলাত নাইট কার্ফিউ জাৰিৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। এই জিলা সমূহত সন্ধিয়া ৭ বজাৰ ভিতৰত দোকান-বজাৰ আৰু অন্য শিল্প প্রতিষ্ঠান সমূহ বন্ধ কৰিবলৈ নির্দেশ দিয়া হৈছে।

Your Comments