পশ্চিমবংগত পোৱা গৈছে তৈল ভাণ্ডাৰৰ সম্ভেদ

Crude oil

এইবাৰ তৈল উত্তোলন কেন্দ্র হিচাপে ইতিহাসৰ পৃষ্ঠাত জিলিকাৰ পথত পশ্চিমবংগৰ উওৰ ২৪ পৰগণা জিলাৰ অশোকনগৰৰ নাম। আশাৰ বাণী শুনালে স্বয়ং কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী ধৰ্মেন্দ্ৰ প্ৰধানে।শীঘ্রেই অশোক নগৰলৈ আহিব কেন্দ্রীয় পেট্ৰ'লিয়াম মন্ত্রীজন।

বৃহস্পতিবাৰে কেন্দ্রীয় তৈলমন্ত্রী (পেট্র’লিয়াম) ধর্মেন্দ্র প্রধানে দিল্লীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি কয় যে উত্তৰ ২৪ পৰগনাৰ অশোকনগৰত প্রাকৃতিক তেলৰ সম্ভেদ পোৱা গৈছে।

প্ৰধানে অতি শীঘ্রেই নিজে এই এলেকা পৰিদৰ্শন কৰাৰ ইচ্ছা প্রকাশ কৰিছে।বহু বছৰ ধৰি উত্তৰ ২৪ পৰগণাৰ অশোকনগৰৰ বাইগাছি এলেকাৰ এটা নির্দিষ্ট স্থানত অ'এনজিচিৰ ফালৰপৰা পৰীক্ষা-নিৰীক্ষা চলাই থকা হৈছিল।

Your Comments