শিৱসাগৰৰ ভটীয়াপাৰত বান প্ৰতিৰোধী আঁচনিৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী যোগেন মহনে

শিৱসাগৰ

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

শিৱসাগৰ নগৰৰ সমীপৰ ভটীয়াপাৰ বাৰীচুক অঞ্চলৰ দিখৌ নদীত ৰূপায়ন কৰিবলৈ লোৱা ২০১৯-২০ বৰ্ষৰ দুৰ্যোগ ব্যৱস্থাপনা শিতানৰ বান প্ৰতিৰোধ আঁচনিখনৰ ২০ নৱেম্বৰত শুভাৰম্ভ কৰা হয়। শিৱসাগৰ জলসম্পদ সংমণ্ডলৰ অধীনত ৰূপায়ন হোৱা এই আঁচনিখন আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা আৰু লোক নিৰ্মাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনে। মন্ত্ৰী গৰাকীয়ে আঁচনিখন শুভাৰম্ভ কৰি উক্ত আঁচনিৰ জৰিয়তে অঞ্চলটোৰ ৰাইজ যথেষ্ট উপকৃত হ'ব বুলি মন্তব্য কৰে।
তেওঁ চৰকাৰৰ উক্ত আঁচনিখনৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰূপায়ন কৰা  আন আন  সকলো ধৰণৰ আঁচনি সফল ৰূপায়ণৰ বাবে ৰাইজৰ সহযোগিতা কামনা কৰে। লগতে মন্ত্ৰীগৰাকীয়ে উক্ত অঞ্চলৰ কেইবাটাও জৰাজীৰ্ণ পথ পৰিদৰ্শন কৰি শীঘ্ৰেই এই পথসমূহ যাতায়াতৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি সুচল কৰি তুলিব বুলি আশ্বাস প্ৰদান কৰে।
অনুষ্ঠানত শিৱসাগৰ জিলা বিজেপিৰ সভানেত্ৰী সুৰভী ৰাজকুঁৱৰী, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ভৱেন্দ্ৰ নাথ মহন, বিজেপিৰ ৰাজ্যিক ক্ৰীড়া কোষৰ আহ্বায়ক বিজিত গগৈৰ লগতে বিভাগীয় বিষয়া আৰু ৰাইজ উপস্থিত থাকে।

Your Comments