আপুনি বাৰু জানেনে আজিৰ দিনটোৰ বিশেষত্ব?

Men's Day

আমি সকলোৱে সমগ্ৰ বিশ্বতে পালন হোৱা বিভিন্ন দিৱস বিলাকৰ সম্পৰ্কে কম বেছি পৰিমাণে জানো ৷ সেইদৰেই আমি আন্তৰ্জাতিক নাৰী দিৱসৰ কথাও জানো বা পালনো কৰা হয় বহুলভাৱে ৷

কিন্তু আপুনি বাৰু জানেনে আন্তৰ্জাতিক পুৰুষ দিৱসৰ কথা ৷ যদি জানেও উদ্‌যাপন নকৰাকৈয়ে সাধাৰণতে থাকি যায় এই পুৰুষ দিৱস ৷

প্ৰত্যেক বছৰৰ ১৯ নৱেম্বৰৰ দিনটো আন্তৰ্জাতিক পুৰুষ দিৱস হিচাপে পালন কৰা হয় ৷ পুৰুষে দেশ, সমাজ, পৰিয়াললৈ আগবঢ়োৱা অৱদান, অন্যান্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদান আৰু আদৰ্শ পুৰুষসকলক লোকচক্ষুলৈ লৈ যোৱাৰ উদ্দেশ্যৰ লগতে বিশ্বৰ পুৰুষ সকলৰ উন্নয়ন আদিৰ বাবে এই দিনটো পালন কৰা হয় ৷ ভাৰতকে ধৰি বিশ্বৰ ৪৪খন দেশে এই দিৱস পালন কৰে।

Your Comments