২৭ অক্টোবৰত পালন কৰা হয় পদাতিক দিৱস 

Kashmir in 1947

*১৯৪৭ চনৰ আজিৰ দিনটোতে জম্মু-কাশ্মীৰক পাকিস্তানী জনজাতীয় আক্ৰমণকাৰীৰ পৰা মুক্ত কৰাৰ অভিযান আৰম্ভ কৰিছিল ভাৰতীয় পদাতিক বেটেলিয়নৰ সেনাই*

 সাধাৰণতে মনত ৰাখিবলৈ পাহৰি যোৱা এটা গুৰুত্বপূৰ্ণ দিন পদাতিক দিৱস ৷ ২৭ অক্টোবৰ তাৰিখেই পালন কৰা হয় এই দিনটো ৷ 

১৯৪৭চনত যেতিয়া নৱগঠিত পাকিস্তানী সেনাবাহিনীৰ দ্বাৰা সমৰ্থিত জনজাতীয় আক্ৰমণকাৰীসকলে জম্মু-কাশ্মীৰ আক্ৰমণ কৰিছিল,তেতিয়া ভাৰতীয় সেনাবাহিনীৰ প্ৰথম পদাতিক বাহিনী ১ শিখ পদাতিক বেটেলিয়নৰ সেনাই শ্ৰীনগৰ এয়াৰফিল্ডত সাহসিকতাৰে যুদ্ধক্ষেত্ৰত নামিছিল অনুপ্ৰবেশকাৰীৰপৰা জম্মু-কাশ্মীৰক মুক্ত কৰিবলৈ ৷

ভাৰতীয় পদাতিক সেনাবাহিনীৰ এই দুঃসাহসিক কাৰ্যক সন্মান জনাই আজিৰ দিনটোক ভাৰতবৰ্ষত পদাতিক দিৱস হিচাপে পালন কৰা হয় ৷

Your Comments