নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰত একেদিনাই ৫ টা পথৰ শুভাৰম্ভ কৰিলে সাংসদ দিলীপ শইকীয়াই 

নলবাৰী

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২২ অক্টোবৰ : 

নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰ অঞ্চলত বৃহস্পতিবাৰে সাংসদ দিলীপ শইকীয়াই নলবাৰী লোক নিৰ্মাণ সংমণ্ডলৰ তত্বাৱধানত নিৰ্মিত পাঁচটাকৈ পথৰ শুভাৰম্ভ কৰে।নলবাৰী লোক নিৰ্মাণৰ অধীনষ্ঠ ৰঙিয়া- ধমধমা-কেহেৰুৱা পথৰ পৰা টি ০৭ পথৰ নিৰ্মাণ-কাৰ্যৰ শুভাৰম্ভ কৰাৰ লগতে বৰধনৰা এক নং পথ,চতমা চ'কৰ পৰা মোমাইতোলা সংয়োগী পথ, বগলছ্ চ'কৰ পৰা বৰলীয়া পাৰলৈ যোৱা পথটো আৰু লখিমী চ'কৰ পৰা আমৰা স‌ংযোগী পথকেইটাৰ ৰাইজৰ যাতায়তৰ সুবিধাৰ্থে সাংসদগৰাকীয়ে শুভাৰম্ভণিকৰে। পথকেইটাৰ শুভাৰম্ভণি কৰি সাংসদ শইকীয়াই পি এম জি এছ  ৱাই আঁচনিৰ অধীনত পকীকৰণ কৰা উক্ত পথকেইটাৰ দ্বাৰা অঞ্চলটোৰ ৰাইজ যাতায়তৰ ক্ষেত্ৰত এঢাপ আগুৱালে বুলি মন্তব্য কৰে।আনহাতে,সাংসদগৰাকীয়ে নিজ ভাষণত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সপোন বাস্তৱায়িত হবলৈ বেছিদিন নাই বুলি উল্লেখ কৰি অনতিপলমে অকল নলবাৰী বিধানসভা সমষ্টিতে পি এম জি এছ ৱাই আঁচনিৰ অধীনত ২৮ কোটি টকা ব‍্যয় সাপেক্ষে ৩৯ কিলোমিটাৰ দৈৰ্ঘ‍্য‍ৰ পথ পকীকৰণ হ'ব বুলি সদৰি কৰে।

Pic

ভাষণ প্ৰসংগত সাংসদগৰাকীয়ে কংগ্ৰেছ দলকো ক্ষুৰধাৰ সমালোচনা কৰি কংগ্ৰেছে ৫৫ বছৰীয়া শাসনকালত কৰিব নোৱাৰা কাম বিজেপিয়ে  ৫ বছৰত বাস্তৱত ৰূপায়িত কৰিলে বুলি মন্তব্য কৰে। সাংসদগৰাকীয়ে নিজৰ ভাষণত বিজেপি এনে এটা দল যিটো দলে সকলোৰে সমবিকাশ বিচাৰে বুলি মন্তব্য কৰি ভাৰতভূমিত গণতন্ত্ৰ ধৰি ৰাখিব পৰা একমাত্ৰ দলটোৰ উত্থানত আজি বহুত ৰাজনৈতিক দল শংকিত হৈ পৰিছে বুলিও ব‍্য‍ক্ত কৰে ৷ কংগ্ৰেছৰ দুৰ্নীতি,অপশাসন,ব্যাভিচাৰ আদি নিৰ্মূল কৰাৰ বাবেই বিজেপিৰ জন্ম বুলিও সাংসদগৰাকীয়ে দাবী কৰি এই দলটোৱে উন্নতিৰ শিখৰত গৈ এতিয়া আকাশ চুব বুলিও মন্তব্য কৰে।লগতে সাংসদগৰাকীয়ে বিজেপিৰ গতি ৰুদ্ধ কৰিবলৈ একাংশ ন পুৰণি ৰাজনৈতিক দলে যি কুছকাৱাজ চলাইছে সেই সকলো প্ৰত্যাহ্বান আঁঁতৰাই ২০২১ চনত বিজেপি দলে পূৰ্বতকৈও অধিক সাফল্য অৰ্জন কৰিব বুলি  মন্তব্য কৰে।ইফালে,আজি এই অনুষ্ঠানত নলবাৰীৰ বিধায়ক অশোক শৰ্মাই অংশগ্ৰহণ কৰি সমষ্টিটোৰ প্ৰতিখন গাঁৱৰে বিধ্বস্ত হৈ থকা পথসমূহ চলিত বৰ্ষতে পকীকৰণৰ কাম শেষ হ'ব বুলি দৃঢ়তাৰে ঘোষণা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰখনৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে।  আজি এই শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে নলবাৰী জিলাৰ বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ,সম্পাদিকা পদ্মা ৰামচীয়াৰী,সম্পাদক দিপেন কলিতা,মৃণাল শর্মা,বড়িগোগ বনভাগ মণ্ডলৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,সম্পাদক মৃগেন শৰ্মা,প্ৰাক্তন সম্পাদক চন্দন ডেকা,আল্লিয়া - ঘগ্রাপাৰ জিলা পৰিষদৰ সদস্যা-সদস্য ক্রমে মাধৱী ৰাজবংশী,পঙ্কজ ডেকা,নলবাৰী এছ টি জনজাতি মৰ্চাৰ সভাপতি হিতেশ ব্ৰহ্ম বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। উল্লেখ‍্য‍ যে সাংসদগৰাকীক আজি প্ৰতিটো অনুষ্ঠানতে ভাগ লোৱাৰ পুৰ্বে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ যুৱ মৰ্চাৰ শতাধিক কৰ্মীয়ে বাইক ৰেলীৰে আদৰি আনে।

Your Comments