শিৱসাগৰত 'টাইপা'ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

Sibsagar

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীৰে শিৱসাগৰত টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ।শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে 'টাইপা'ই গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে।  

টাইপাৰ কেইবাশতাধিক সদস্যই হাতত হেংদাং লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।ন' এছটি ন' ৰেষ্ট, শবিজেপি চৰকাৰ হায় হায়,নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, সৰ্বানন্দ সোনোৱাল হায় হায়,কেন্দ্ৰীয় চৰকাৰ মুৰ্দাবাদ, আমাক।জনজাতিকৰণ লাগিবই আদি শ্ল'গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। 

টাইপাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা হৰেন ফুকন, উপদেষ্টা ননী কুমাৰ গগৈ, যুটীয়া সম্পাদক দিগন্ত তামুলী আৰু দীপজ্যোতি দুৱৰাকে ধৰি বহু নেতাই এই গণ অৱস্থান কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Your Comments