অৰুণোদয় আঁঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত  স্বজন তোষণ:বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ  কাৰ্যালয় ঘেৰাও বঞ্চিত মহিলাৰ                    

Protest

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১৯ অক্টোবৰঃ

অসম  চৰকাৰে শেহতীয়াভাৱে ৰূপায়ণ কৰা অৰুণোদয় আঁঁচনিত ব্যাপক স্বজন তোষণ আৰু গেৰুৱাকৰণ হোৱাৰ অভিযোগ  তুলি  ১৯ অক্টোবৰত নলবাৰী জিলাৰ বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ কাৰ্য্যলয়ত  ১৫ নং দিহজাৰী গাওঁ পঞ্চায়তৰ বঞ্চিত মহিলাই ৰুদ্ৰমূৰ্ত্তি ধাৰণ কৰে।পুৱা ১১ বজাত  সচেতন মহিলা মঞ্চৰ সভানেত্রী অপৰ্ণা কলিতা,  সম্পাদিকা দীপ্তি বৰ্মন ডেকা,কুসুম বৈশ্য , দ্ৰৌপদী।ডেকাৰ নেতৃত্বত প্ৰতিবাদী  সমদল কৰি অৰুণোদয় আঁঁচনিত হোৱা স্বজন তোষণ, প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি বিজেপি  নেতা-কৰ্মীক বাচনি কৰাৰ অভিযোগ তুলি  বিজেপি গ 'বেক,অৰুণোদয় আঁঁচনিৰ বিজেপিকৰন বন্ধ কৰক,অসম চৰকাৰ হায় হায় আদি শ্লা'গান দি পৰিৱেশ উত্তাল কৰি তোলে।প্ৰতিবাদী মহিলাসকলে 
হিতাধীকাৰীৰ তালিকাৰ পৰা অযোগ্যসকলক বাদ দি যোগ্যসকলক অন্তৰ্ভক্ত কৰি গাওঁ পঞ্চায়তৰ জৰিয়তে তালিকা প্ৰস্তুত কৰক ,  গাওঁ সভা পাতি তালিকাৰ হিতাধিকাৰীৰ নাম ঘোষণা কৰক,অৰুণোদয় আ‍ঁঁচনিত ৰাজনীতিকৰন আৰু সাম্প্ৰদায়িকীৰণ বন্ধ কৰক আদি দাবী সম্বলিত এখন স্মাৰক-পত্র বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ  খণ্ড বিষয়াক প্ৰেৰন অৰ্পণ কৰে।

Your Comments