হায়দৰাবাদত পুনৰ প্ৰৱল বৃষ্টিপাত,এতিয়ালৈ ৫০ জন লোকৰ প্ৰাণহানি 

Hyderabad Flood

তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত বিগত দিনকেইটাত হোৱা ধাৰাসাৰ বৃষ্টিপাতৰ ফলত জনজীৱন ব্যাহত হৈ পৰিছে ৷ মুম্বাইৰ মেনহলত পৰি এগৰাকী মহিলাৰ মৃত্যুও ঘটিছে ৷ বৰ্তমান চাৰিওখন ৰাজ্যৰে পৰিস্থিতি অতিশয় শোচনীয় হৈ পৰিছে ৷ শনিবাৰে নিশা তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত পুনৰ হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত পৰিস্থিতি পুনৰ জটিল হৈ পৰিছে ৷ বিভিন্ন স্থানৰপৰা জনতা জলবন্দী হৈ থকাৰ লগতে বহুসংখ্যক যান-বাহন পানীৰ প্ৰৱল সোঁতত উটি যোৱাৰ বাতৰি পোৱা গৈছে ৷ কেৱল হায়দৰাবাদ চহৰতে এতিয়ালৈকে ৫০ জন লোকৰ বানৰ কৱলত মৃত্যু হৈছে ৷ ইতিমধ্যে গ্ৰেটাৰ হায়দৰাবাদ নগৰ নিগমৰ দুৰ্যোগ ব্যৱস্থাপনা দল, এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু আৰক্ষীৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ অন্ধ্ৰৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰৰপৰা ২২৫০ কোটিৰ সাহায্য বিছাৰিছে ৷

Your Comments